২০২৫ বৰ্ষৰ পৰা আৰম্ভ হ’ব নগাঁও বিশ্ববিদ্যালয়ৰ পাঠদান : মুখ্যমন্ত্ৰী…

২০২৫ বৰ্ষৰ পৰা আৰম্ভ হ’ব নগাঁও বিশ্ববিদ্যালয়ৰ পাঠদান : মুখ্যমন্ত্ৰী…


ডিজিটেল সংবাদ , নগাঁও :
২০২৫ বৰ্ষত নগাঁও বিশ্ববিদ্যালয়ৰ শ্ৰেণী আৰম্ভ কৰাৰ পৰিকল্পনাৰে আগবাঢ়িব বিচাৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ শণিবাৰে নগাঁও স্বতন্ত্ৰ মহাবিদ্যালয়ত উপস্থিত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে আগন্তক বাজেটত চৰকাৰে পৰিকল্পনা আগুৱাই নিবলৈ পদক্ষেপ ল'ব ৷ চৰকাৰে ধনৰ দায়িত্বহে ল'ব ৷ আমোলাতন্ত্ৰ চিন্তাৰে আগবাঢ়িলে নহ'ব ৷ সৃষ্টিৰ কাম সদায় চৰকাৰৰ বাহিৰৰ পৰা হ'ব লাগিব ৷ শৈক্ষিক সমাজে তাৰ দায়িত্ব ল'ব লাগিব ৷ শৈক্ষিক সমাজে ক্ৰিয়েটিভিটি চিন্তাৰে আগবাঢ়ি নগাঁও বিশ্ববিদ্যালয়ক পূৰ্ণতা দিব লাগিব ৷

নগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰী ড° শৰ্মাই নগাঁও মহাবিদ্যালয়ৰ ঐতিহ্যপূৰ্ণ ইতিহাসক সৰোগত কৰি শৈক্ষিক প্ৰতিস্থানক অনাগত দিনটো জনজীৱনলৈ অৰিহনা আগবঢ়াই ধাৰাবাহিকতা অক্ষুন্ন ৰাখি নগাঁও বিশ্ববিদ্যালয় বটবৃক্ষ হৈ থাকিব বুলি আশা প্ৰকাশ কৰে ৷ নগাঁও মহাবিদ্যালয়ক নগাঁও বিশ্ববিদ্যালয়লৈ উন্নিতকৰন কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লোৱা কাৰ্য ব্যবস্থাৰ বাবে নগাঁও মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীক ৰাজহুৱা ভাবে সম্বৰ্দ্ধনা জনোৱা হয় ৷ ইফালে মুখ্যমন্ত্ৰী ড° শৰ্মাই নগাঁও ছোৱালী মহাবিদ্যালয়টো উপস্থিত থাকে ৷ মহাবিদ্যালয় খনি ৭৫ বছৰীয়া হীৰক জয়ন্তী বৰ্ষৰ স্মাৰকটি উন্মোচন কৰে ৷ লগতে দস্তাবেজ নামৰ গ্ৰন্থ খনিও উন্মোচন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in