শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা-গীতিকাৰ হিমাদ্ৰী দেৱীৰ পৰলোক, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ শোক প্ৰকাশ

61

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা হিমাদ্ৰী দেৱীৰ বুধবাৰে বিয়লি পৰলোকপ্ৰাপ্তি ঘটে। নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁও লাওখোৱা ৰোড নিবাসী তথা বিশিষ্ট গীতিকাৰ, গায়ক, শিক্ষাবিদ প্ৰয়াত জ্যোতিনাথ চক্ৰৱৰ্তীৰ সহধৰ্মিণী হিমাদ্ৰী দেৱীৰ মৃত্যুত সমগ্ৰ জিলাখনতে দেখিবলৈ পোৱা গৈছে শোকৰ ছাঁ।

বিগত কিছুদিন ধৰি অসুস্থতাত ভুগি নগাঁৱৰ এখন ব্যক্তিগত হাস্পতালত মৃত্যু হোৱা প্ৰাক্তন অধ্যাপিকাগৰাকীৰ গীতিকাৰ হিচাপেও আছে সুনাম। ৰাইজৰ হকে বিভিন্ন কাম কাজত জড়িত হৈ সমাজৰ হিতৰ বাবে চিন্তা কৰা হিমাদ্ৰী দেৱী আছিল অসম লেখিকা সন্থাৰ আজীৱন সদস্যা। তেওঁ অসমীয়া প্ৰতিদিন কাকতৰ শ্বিলংস্থিত বিশেষ প্ৰতিনিধি ধ্ৰুৱ চক্ৰৱৰ্তীৰ মাতৃ।

উল্লেখ্য যে, তেওঁ মৃত্যুৰ সময়ত ৩ পুত্ৰ, বোৱাৰী, নাতি-নাতিনীসহ ভালেসংখ্যক আত্মীয়ক ইহসংসাৰত এৰি গৈছে। তেওঁৰ মৃত্যুত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি