নগাঁৱত চিকিৎসকসহ ৪ জনৰ দেহত কোভিড-১৯…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁৱৰ কঠিয়াতলীত কোৰোনাত আক্ৰান্ত হৈছে কোভিড যুঁদ্ধা৷ কঠিয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকসহ ৪ গৰাকীৰ দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰিছে।

কোভিড-১৯ ধৰা পৰা ৪ জন লোকৰ ভিতৰত ৩ গৰাকী কঠিয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু কৰ্মচাৰী। আনগৰাকী চিকিৎসকৰ গাড়ীচালক বুলি জানিব পৰা গৈছে। বৰ্তমান সমগ্ৰ স্বাস্থ্য কেন্দ্ৰখন বন্ধ কৰি দিয়ে স্বাস্থ্য বিভাগে৷ স্বাস্থ্য কেন্দ্ৰটোৰ সকলো ৰোগীক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰিছে স্বাস্থ্য বিভাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in