নগাঁৱত স্বাধীনতা দিৱস ফুটবলত পঞ্জাৱৰ বি এছ এফ দল চূড়ান্ত বিজয়ী

নগাঁৱত স্বাধীনতা দিৱস ফুটবলত পঞ্জাৱৰ বি এছ এফ দল চূড়ান্ত বিজয়ী

ডিজিটেল সংবাদ, নগাঁওঃ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম পুৰণি তথা আগশাৰীৰ নগাঁৱৰ সৰ্বভাৰতীয় ৭০ সংখ্যক স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনিৰ শনিবাৰে অনুষ্ঠিত চূড়ান্ত খেলখনত পঞ্জাৱৰ বি এছ এফ দলে কলকাতাৰ মহমেদান স্পৰ্টিং ক্লাৱক ট্ৰাইবেকাৰত পৰাস্ত কৰি বিজয়ীৰ খিতাপ দখল কৰে।

উত্তেজনাপূৰ্ণ খেলখনত নিৰ্দ্ধাৰিত সময়ত ড্ৰ হোৱাত ট্ৰাইব্ৰেকাৰ পদ্ধতিৰে খেলখনৰ ফলাফল নিৰ্ণয় উলিওৱা হয়। দুয়োটা দলে কেইবাটাও সুযোগ লাভ কৰিছিল যদিও ৰক্ষণ বিভাগ আৰু গ'লৰক্ষক শক্তিশালী হোৱাৰ পৰিপ্ৰেক্ষিতত দল দুটাই লাভ কৰা সুযোগ কাৰ্যকৰী কৰিব নোৱাৰিলে। কলকতা দলটোৱে প্ৰথমাৰ্দ্ধৰ ১৭ মিনিটত কাওমে আতছা চাৰ্লছে দিয়া গ'লৰ জৰিয়তে ১-০ গ'লত অগ্ৰগতি লাভ কৰিছিল যদিও পঞ্জাৱৰ দলটোৰ হৈ প্ৰথমাৰ্দ্ধৰ ৪৪ মিনিটত চাদাম হুছেইনে গ'ল কৰি সমতা স্থাপন কৰে।  দ্বিতীয়াৰ্দ্ধত কোনো এটা দলেই গ'ল কৰিবলৈ সক্ষম নহ'ল।

উল্লেখ্য যে, নিৰ্দ্ধাৰিত সময়ত খেল অমীমাংসিত হোৱাত ট্ৰাই ব্ৰেকাৰৰ জৰিয়তে পঞ্জাৱ দলটো ৫-৪ গ'লৰ ব্যৱধানত বিজয়ী হয়। ট্ৰাইব্ৰেকাৰত পঞ্জাৱ দলটোৰ হৈ কমল কিশোৰ, পি এইস বয় সিং, আৰ দাৰলং আৰু গুৰপ্ৰীত সিঙে গ'ল কৰে যদিও আৰ হেমৰামে গ'ল কৰিব নোৱাৰিলে।

আনহাতে, কলকাতা দলটোৰ হৈ ডেভিদ ওচম আচামোহ, প্ৰসেনজিৎ চক্ৰৱৰ্তী আৰু কাওমে আতছা চাৰ্লছে গ'ল দিয়াৰ বিপৰীতে লাথ' হেমব্ৰম আৰু ফিলিপ এডজাহে গ'ল কৰিবলৈ সক্ষম নহ'ল। ইতিমধ্যে, পঞ্জাৱ দলটোৱে এইবাৰকে লৈ মুঠ ১১বাৰ ফাইনেল খেলি ৮ বাৰ বিজয়ী হৈছে আৰু কলকাতাৰ দলটোৱে ৬ বাৰ ফাইনেল খেলি এইবাৰ প্ৰথমবাৰৰ বাবে ৰানাৰ্চ আপ হয় যদিও আগৰ ৫ বাৰেই চূড়ান্ত বিজয়ী হ'বলৈ সক্ষম হৈছিল। আজিৰ খেলখন পৰিচালনা কৰাত ৰেফাৰী মিঠুন কুণ্ডুক লাইনত সহায় কৰে নিৰ্মল ভট্টাচাৰ্য, পি এইচ লাল থৈইবা আৰু দিব্যজ্যোতি শৰ্মা (চতুৰ্থ)ই আৰু ৰিজাৰ্ভ ৰেফাৰি হিচাপে পবিত্র বৰা উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in