স্বাধীনতা দিৱস কাপঃ বঙাইগাঁও ইলেভেন কোৱাৰ্টাৰ ফাইনেলত…

স্বাধীনতা দিৱস কাপঃ বঙাইগাঁও ইলেভেন কোৱাৰ্টাৰ ফাইনেলত…

ডিজিটেল সংবাদ, নগাঁও: নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত চলি থকা ৭৩ সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে অনুষ্ঠিত খেলত বঙাইগাঁও ইলেভেন ষ্টাৰ ফুটবল ক্লাৱে যোৰহাট টাউন ক্লাৱক ২ – ১ গলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে।

তীব্ৰ উত্তেজনা ভৰা খেলখনৰ ৩১ মিনটত অজন্তা ৰাভাই পেনাল্টী যোগে দিয়া গ'লেৰে ইলেভেন ষ্টাৰ দল ১ – ০ গ'লত আগ বাঢ়ি থাকে। দলটোৰ হৈ মিন্টু মেচে ৪৫ মিনিটত সহজ গ'ল দি ব্যৱধান ২ – ০ কৰে। বিৰতিৰ পাছত যোৰহাট দলে উভতি ধৰি দলৰ ডিছিংগাম গেংমেই ৬০ মিনিটত গ'ল পৰিশোধ কৰি ব্যৱধান ১ – ২ লৈ হ্ৰাস কৰে যদিও পৰাজয় ৰোধিব নোৱাৰিলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in