কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত বৰাগাঁৱত শালি ধানৰ বীজ উৎপাদনৰ পথাৰ দিৱস উদযাপন…

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত বৰাগাঁৱত শালি ধানৰ বীজ উৎপাদনৰ পথাৰ দিৱস উদযাপন…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত নগাঁও জিলাৰ খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰা গাঁৱত বৃহস্পতিবাৰে শালি ধানৰ বীজ উৎপাদনৰ পথাৰ দিৱস উদযাপন কৰা হয়। কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ দ্বাৰা এইবেলি ৬০ বিঘা মাটিত শালি ধানৰ ৰনজিত চাব ১ বীজ উৎপাদনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। আৰু এই কাৰ্যসূচীৰ অন্তৰ্গত বৰাগাঁৱত ১০ বিঘা মাটিত কৰা ধান খেতিত বছৰটোৰ প্ৰথমটি পথাৰ দিৱস পালন কৰা হয়।

নয়ন জ্যোতি বৰদলৈয়ে আঁত ধৰা পথাৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাই এই সমগ্ৰ বীজ উৎপাদন প্ৰক্ৰিয়াটোত উৎপাদন সম্পূৰ্ণ কৃষি প্ৰণালী প্ৰযু্ক্তিগত ভাবে প্ৰদৰ্শন কৰি কৃষক সকলক উৎসাহিত কৰা হৈছে বুলি মত পোষণ কৰাৰ লগতে এনেদৰে প্ৰযুক্তিৰ প্ৰয়োগৰ দ্বাৰা শালি ধানৰ উন্নত মানৰ বীজ উৎপাদন কৰি কৃষক সকলৰ আয় বৃদ্ধি হব বুলি প্ৰকাশ কৰে।

উল্লেখ্য যে, অসম কৃষি বিশ্ববিদ্যালয় উপাচাৰ্য ড০ বিদ্যুৎ চন্দ্ৰ ডেকাৰ তত্বাৱধানত সমগ্ৰ অসমৰ কৃষি বিজ্ঞান কেন্দ্ৰ সমূহে এই প্ৰক্ৰিয়াৰে কৃষকৰ পথাৰত কৃষি বিশ্ববিদ্যালয় দ্বাৰা উদ্ভাৱন কৰা উন্নত মানৰ শালি ধানৰ বীজ উৎপাদন কৰি কৃষকৰ আয় দুগুণীকৰন কৰা এক প্ৰসংশনীয় পদক্ষেপ গ্ৰহণ কৰিছে। আজি বৰা গাঁৱৰ পথাৰ দিৱসৰ কাৰ্যসূচীত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পথাৰ শষ্য বিশেষজ্ঞা ডঃ বন্তি গগৈ, সামূহীক বিজ্ঞান বিশেষজ্ঞা আছফিকা ইছলাম, বিষ্ণু নাৰায়ণ ফুকনৰ লগতে অঞ্চলটোৰ কেইবাগৰাকী প্ৰগতিশীল কৃষক উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in