নকল প্ৰমাণ পত্ৰৰ বেহাঃ চি আই ডিলৈ ভুৱা প্ৰমাণ পত্ৰৰ নগাঁৱৰ গোচৰ

নকল প্ৰমাণ পত্ৰৰ বেহাঃ চি আই ডিলৈ ভুৱা প্ৰমাণ পত্ৰৰ নগাঁৱৰ গোচৰ

ডিজিটেল সংবাদ নগাঁও: নগাঁও আৰক্ষীয়ে বুধবাৰে নিশা উৎখাত কৰা নকল প্ৰমাণ পত্ৰৰ ঘাটি গোচৰ চি আই ডিলৈ হস্তান্তৰ কৰিছে। নগাঁও আৰক্ষী অধীক্ষকে এই সন্তদৰ্ভত এক পত্ৰ প্ৰেৰণ কৰিছে ৷ জানিব পৰা মতে ঘাটিটোত আৰক্ষীয়ে প্ৰায় ২ হাজাৰ বিভিন্ন অনুষ্ঠান চীল মোহৰ আৰু প্ৰায় ১০ হেজাৰ খন প্ৰমাণ পত্ৰ উদ্ধাৰ কৰিছে ৷

গুৱাহাটী বিশ্ববিদ্যালয় , মাদ্ৰাছা ব'ৰ্ড , মেট্ৰিক – হায়াৰচেকেণ্ডাৰী , বিভিন্ন ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় , মাটি পঞ্জীয়ন বিভাগৰ কাৰ্যালয় , বিভিন্ন বিদ্যালয় , ভিন্ন জাতিৰ প্ৰমাণ পত্ৰ আদি এই অভিযানৰ সময়ত উদ্ধাৰ হৈছে৷

সিমানে নহয় এই হাজাৰ হাজাৰ প্ৰমাণ পত্ৰত বহু চৰকাৰী বিষয়া আৰু কৰ্মচাৰী নাম উল্লেখ আছে ৷
নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এই ঘটনাৰ সৰ্ন্দভত কয় যে এই চক্ৰটো অকল নগাঁৱতে সীমাবদ্ধ হৈ থকা নাই৷ সমগ্ৰ ৰাজ্য ব্যাপি আছে ৷

সংগবদ্ধ ভাবে এটি দলে এই অপৰাধ কৰি আহিছে ৷ সকলোধৰণৰ প্ৰমাণ পত্ৰ এই চক্ৰটোয়ে ধনৰ বিনিময়ত যোগান ধৰে৷ তদন্তৰ বাবে ফৰেণচিক পৰীক্ষাৰ প্ৰয়োজন আহিব ৷ পলাতক আব্দুল খালেকৰ ঘৰ নগাঁৱৰ বৰদোৱাত ৷ মধুপুৰৰ মকবুলৰ ঘৰ ভাড়ালৈ লৈ চক্ৰটোয়ে এই বেহা চলাই আছিল ৷

অৱশ্যে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই উদ্ধাৰ হোৱা প্ৰমাণ পত্ৰ সমূহ নকল বুলি কবলৈ অস্বীকাৰ কৰিছে৷ প্ৰকৃত প্ৰমাণ পত্ৰৰ লগত হুবহু মিল থকা বুলি দাবী কৰিছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in