৩৩ বছৰে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আবন্টিত ভূমি আজিও নাপালে প্ৰাক্তন সেনা জোৱানে…

৩৩ বছৰে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আবন্টিত ভূমি আজিও নাপালে প্ৰাক্তন সেনা জোৱানে…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বটদ্ৰৱা থানৰ দক্ষিণ দিশত থকা ভোমোৰাগুৰি লালুংগাঁৱৰ প্ৰাক্তন সৈনিকৰ নামত আবন্টিত গ্ৰেজিং ৰিজাৰ্ভ বৰ্তমান সন্দেহযুক্ত বেদখলকাৰীৰ কৱলত। প্ৰশাসনৰ নিৰ্লিপ্ততা আৰু চৰকাৰী বিষয়াৰ পৃষ্ঠপোষকতাত এটাৰ পাছত এটাকৈ ঘৰ সাজি নতুনকৈ গাঁও পাতিছে। সন্দেহযুক্ত নাগৰিকে ভৰি পৰা এই গাঁৱত বিগত বছৰ সমূহত দিনে নিশাই ভূমি বেদখলৰ লগতে ভূমি খনন কাৰ্য্য চলাই গৈছে। বটদ্ৰৱাৰ বেদখল সংক্ৰান্তত বৰ্তমান সংবাদ মাধ্যমত বাতৰিৰ শিৰোনাম দখল কৰি থকাৰ সময়তে চাঞ্চল্যকৰ তথ্য ফাদিল কৰি চৰকাৰ তথা মুখ্যমন্ত্ৰীলৈ কৰযোৰে অনুৰোধ কৰিছে এই বঞ্চিত প্ৰাক্তন সৈনিকসকলে।

১৯৮৮ চনতে ভাৰত চৰকাৰৰ গৃহ বিভাগৰ তৰফৰ পৰা আজীৱন দেশ সেৱাত ব্ৰতী হৈ অৱসৰ গ্ৰহণ কৰা বটদ্ৰৱা সমষ্টিৰ ৪৪ গৰাকী অসমীয়া বীৰ জোৱানৰ নামত আবন্টিত হৈছিল ২৬৫ বিঘা ভূমি। ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বটদ্ৰৱা মৌজাৰ লালুং গাঁও কিচামতৰ ৩৫৪ নং গ্ৰেজিং দাগৰ অংশ হিচাপে ২৬৫ বিঘা মাটি এই ৪৪ জন প্ৰাক্তন সৈনিকৰ বাবে কেন্দ্ৰীয় চৰকাৰে আবন্টন দিছিল। প্ৰাক্তন সৈনিক সকলে তেতিয়াই শান্তি সৈনিক মিলন সমবায় নামৰ এখন সমবায় গঠন কৰি উক্ত ভূমিৰ সীমাত পকী খুটা আৰু ঘৰ সাজিছিল যদিওঁ নিশাই পকী খুটা উঠাই ঘৰ ভাঙি প্ৰাক্তন সৈনিক গমন বৰদলৈক নিৰ্মম অত্যাচাৰৰ কৰি হত্যা কৰিছিল।

তাৰ পিছত অগপ, কংগ্ৰেছ আৰু বৰ্তমান জাতি মাটি ভেটি, সভ্যতাৰ যুঁজৰ কথা কোৱা বিজেপি চৰকাৰ, এই সুদীৰ্ঘ ৩৩ বছৰত দুবাৰকৈ নগাঁও জিলা উপায়ুক্তৰ হুকুম পোৱাৰ পাছতো ৰহস্যজনক ভাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশক অৱমাননা কৰি আজিকোপতি ৰাজহ বিভাগে এই সকলক বীৰ জোৱানক উক্ত ভূমি চমজাই দিবলৈ সক্ষম নহ'ল। বৰঞ্চ জীৱনৰ বিয়লি বেলাত প্ৰাক্তন সৈনিক সকলে পালে চৰকাৰী বিষয়াৰ মিছা প্ৰলোভন। যাৰ বাবে বৰ্তমান চৰম হতাশাত ভূগিছে ৪৪ প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ। প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই দিয়া অসমীয়া প্ৰতিদিনৰ সাংবাদিকক দিয়া অভিযোগ মতে ২০১৪ চনৰপৰা উক্ত ভূখণ্ডত এচাম সন্দেহযুক্ত অচিনাকি লোকে ঘৰ বাৰী সজি নতুন গাঁও পাতিছে।

এইসকল লোকে ১০, ২০, ৩০ বিঘা পৰ্যন্ত মাটি খান্দি প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সাজি ৰাজহুৱা সম্পত্তি বিনষ্ট কৰাৰ ওপৰিও এই বেদখলীকৃতভূমিতে বিগত ২০১৮ চনৰ ২৩ মাাৰ্চত সমগ্ৰ দেশ কপোৱা নাবালিকা ধৰ্ষণ আৰু জীবন্তে জ্বলাই দিয়া ঘটনা সংঘটিত হৈছে। ১৯৮৮ চনৰ পৰা ২০১৭ চনলৈকে এই সুদীৰ্ঘ কাল চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে বাট কুৰি বাই থকাৰ মাজতে ১৫/৬/১৯৯০ তাৰিখে আৰু ৫/১২/২০১৬ তাৰিখে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা দুবাৰকৈ অহা লিখিত নিদেৰ্শক সেই সময়ৰ চক্ৰ বিষয়া লাচিত দাসে পালন নকৰি উলোটাই প্ৰাক্তন সৈনিকক মাটি চমজাই দিলে মোৰ ডিঙি কটা যাব বুলি মন্তব্য কৰাত ক্ষোভিত হৈ প্ৰাক্তন সৈনিক ২০১৭ চনত তেখেতৰ ওপৰত এজাহাৰ দাখিল কৰিছিল।

বটদ্ৰৱা আৰক্ষীয়ে ৩০/১৬, ০/৮, ১৮৮ আই পি চি ৪/৫ এ এল জি ৭ পিচি এচিটি নম্বৰত গোচৰ ৰুজু কৰিছিল যদিও আজিও কোনো সুফল লাভ কৰিব সক্ষম হোৱা নাই এই দুৰ্ভগীয়া সৈনিক সকল। দুৰ্ভাগ্যজনক ভাৱে ১৯৮৮ চনৰ পৰা উক্ত ভূমিৰ বাবদ বৰ্তমানলৈকে খাজনা দি থকা এই ৪৪ জন প্ৰাক্তন সৈনিকৰ বহুতৰে ইতিমধ্যে মৃত্যু হ'ল, তেওলোকৰ বিধবা পত্নী, বৃদ্ধ সৈনিক সকলে এতিয়াও হেৰুৱাই পেলোৱা নাই আশা। কিজানিবা জাতি মাটি ভেটি আৰু সভ্যতাৰ কথা কৈ শাসনৰ গাদীত বঢ়া বিজেপি চৰকাৰে এইসকল অসমীয়া খিলঞ্জীয়া প্ৰাক্তন সৈনিকক ৮৮ চনতে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ভূমি চমজাই দিয়ে।

বেদখলীকৃত ভূমিত সমবেত হৈ প্ৰাক্তন সৈনিকসকলে মূখ্যমন্ত্ৰীলৈ কাকূতি মিনতি কৰিছে – "আমাৰ নামত কেন্দ্ৰীয় চৰকাৰে আবন্টিত দিয়া ভূমি আমাক চমজাই দিয়ক। নহলে আমি শেষ হৈ গলো।" ইফালে মদ, জুুৱা, ধৰ্ষণ, চুৰি, ডকাইতি আদি বিভিন্ন অপৰাধীৰ ৰম্যভূমি উক্ত ভোমোৰাগুৰি গ্ৰেজিং ৰিজাৰ্ভৰ বেদখলীকৃত ভূমি উদ্ধাৰ কৰি প্ৰাক্তন সৈনিক সকলক তেওঁলোকৰ ভূমি চমজাই দিবলৈ দাবী জনাইছে বটদ্ৰৱা থান পৰিচালনা সমিতি, অখিল ভাাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও জিলা সমিতি, নগাঁও জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নগাঁও জিলা হিন্দু যুৱ ছাত্ৰ পৰিষদ, বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থা, বটদ্ৰৱা প্ৰেছ ক্লাৱ, জাজৰি প্ৰেছ ক্লাৱকে প্ৰমুখ্য কৰি অনুষ্ঠান কেইবাটাও দল সংগঠনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in