নিৰ্ণয় হ’ব নগাঁও জিলাৰ ৫৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য…

নিৰ্ণয় হ’ব নগাঁও জিলাৰ ৫৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য…

ডিজিটেল সংবাদ, নগাঁওঃ আৰু কিছু সময়ৰ পাছতেই আৰম্ভ হ'ব ৰাজ্যত ভোটগণনা। এই ভোট গণনাৰ বাবে নগাঁও জিলা প্ৰশাসনে যাৱতীয় সকলো ধৰণৰ প্ৰস্ততি সম্পূৰ্ণ কৰি তুলিছে। কোভিড প্ৰট'কল মানি আৰু নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি জিলা প্ৰশাসনে ভোটগণানা কেন্দ্ৰ সমূহত কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

জিলা প্ৰশাসনে নগাঁও নিৰ্বাচনী জিলাৰ অন্তৰ্গত সাতটা বিধানসভা সমষ্টি ক্ৰমে- ৰহা সমষ্টিৰ ভোট গননা ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত,ধিং সমষ্টিৰ আই টি আই নগাঁৱত, বটদ্ৰৱা সমষ্টিৰ ভোটগননা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত, ৰূপহীহাট সমষ্টিৰ ভোটগননা আই টি আই নগাঁৱত, নগাঁও সদৰ সমষ্টিৰ ভোটগননা ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, বঢ়মপুৰ সমষ্টিটিৰ ভোটগননা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত আৰু চামগুৰি সমষ্টিৰ ভোটগননা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত অনুষ্ঠিত হ'ব।

আনহাতে, কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ ভোট গণনা কেন্দ্ৰত কলিয়াবৰ বিধানসভা সমষ্টিৰ ভোট গণনা অনুষ্ঠিত হ'ব। ইয়াৰে কলিয়াবৰ বিধানসভা সমষ্টি কলিয়াবৰ জিলা নিৰ্বাচনী বিষয়াৰ অন্তৰ্গত হোৱাৰ বিপৰীতে বাকী ৭টা বিধান সভা সমষ্টিত নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ অধীনস্থ।

নগাঁও জিলা প্ৰশাসনে ভোট গণনাৰ কেন্দ্ৰ সমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে কোনো কাৰণতে যাতে কোভিড প্ৰ'টকল ভংগ নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা খনৰ বিভিন্ন দলৰ ৫৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব। ইয়াৰ ভিতৰত মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন মন্ত্ৰী তথা অসম বিধানসভাৰ বিৰুধী দলৰ উপ দলপতি ৰকিবুল হুছেইন, বিধায়ক সকল ক্ৰমে- ৰূপক শৰ্মা, আঙুৰলতা ডেকা, নুৰুল হুদা আৰু আমিনুল ইছলাম অন্যতম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in