নগাঁও জিলাৰ পশ্চিমাঞ্চলত ঈদ উল ফিটৰৰ উৎসাহ উদ্দীপনা

নগাঁও জিলাৰ পশ্চিমাঞ্চলত ঈদ উল ফিটৰৰ উৎসাহ উদ্দীপনা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ সমীপৱৰ্তী ধিং গাঁৱত মঙলবাৰে ঈদৰ সমুহীয়া নামাজ সম্পন্ন কৰা হয়। বিশ্বৰ অন্যান্য স্থানৰ লগতে নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ধিং গাঁও আঞ্চলিক ঈদগাহ প্ৰাংগণত ঈদৰ নমাজ সমূহীয়াকৈ অনুষ্ঠিত হয়।

পুৱা অঞ্চলটোৰ শিশুৰ পৰা বৃদ্ধলৈ সকলো সমবেত হৈ বিশ্বশান্তিৰ বাবে দোৱ প্ৰাৰ্থনা কৰে। উল্লেখ্য যে, বিগত দুটা বছৰত কৰোনাৰ বাবে সমূহীয়া নামাজৰ পৰা বঞ্চিত ৰাইজে এইবেলি ব্যপক উৎসাহ উদ্দীপনাৰে ঈদ উল্ ফিটৰ উদযাপন কৰা পৰিলক্ষিত হৈছে।

ইফালে অঞ্চলটোৰ জাজৰি, কদমনি, ধূপগুৰি, আমলখি, আলিটাঙনী, টুকটুকী, কটহগুৰি, হাইডুবী, বাটমাৰী, জামুগুৰি, শিমলুআটি আদি গাঁৱৰ ঈদগাহ প্ৰাংগণতো সমূহীয়া নামাজ সম্পন্ন কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in