দুৰ্নীতিৰ ঘাটিত পৰিণত হৈছে নগাঁও জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়!

দুৰ্নীতিৰ ঘাটিত পৰিণত হৈছে নগাঁও জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়!

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলা পৰিবহন বিষয়া কাৰ্যালয়ত দীৰ্ঘদিনে চলি আহিছে নীতি বহিভূত কাম-কাজ । উৎকোচ দিলে সকলো সম্ভৱ এই কাৰ্যালয়ত। নিদিলে নীতিগতে ভাবে নহয় কোনো কাম-কাজ। বিশেষকৈ জিলা পৰিবহণ বিষয়াৰ দুৰ্বলতাৰ সুযোগ পূৰ্ণ মাত্ৰাত গ্ৰহণ কৰিছে কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীয়ে।

তলতীয়া বিষয়া-কৰ্মচাৰীৰ ওপৰত নিয়ন্ত্ৰণ নাই জিলা পৰিবহন বিষয়াজনৰ । যাৰ বাবে নগাঁৱৰ জিলা পৰিবহণ বিষয়া ৰূপক পূজাৰীৰ বিৰুদ্ধে দাখিল হৈছে আৰক্ষী থানাত এজাহাৰ। নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে দুলাল বৰা নামৰ লোকজনে। বিশেষকৈ গাড়ীৰ ফিটনেচ প্ৰমাণ পত্ৰ প্ৰদানৰ নামত জালিয়াতি কৰাৰ আভিযোগ আনিছে দুলাল বৰাই ।

আৰ চি, ফিটনেচ, এম ভি টেক্সৰ ম্যাদ পাৰ হোৱাৰ পিছটো দূৰ্ঘটনা সংঘটিত হোৱা ট্ৰাকৰ বিপৰীতে জিলা পৰিবহন বিষয়া কাৰ্যালয়ে ফিটনেচ প্ৰমাণ প্ৰত্ৰ প্ৰদান কৰে। এই ক্ষেত্ৰত এম ভি আই অচিন্ত্য সেনে দূৰ্ঘটনা সংঘটিত কৰা গাড়ী নোচোৱাকৈ প্ৰমাণ প্ৰত্ৰ দিয়াৰ অভিযোগ আনিছে অভিযোগকাৰীয়ে।

আৰক্ষীয়ে এজাহাৰ লাভ কৰাৰ পিছতে গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, নগাঁৱত থকা অৱস্থাতে বিষয়া ৰূপক পূজাৰী পূৰ্বে নিলম্বিত হৈছিল। নিলম্বিতকৰণ প্ৰত্যাহাৰ হোৱাৰ পিছত পূজাৰীয়ে প্ৰভূত্বৰে নগাঁৱতে পুনৰ জিলা পৰিবহন বিষয়াৰ চকীত বহিবলৈ সক্ষম হৈছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in