নগাঁৱৰ ডি এছ পি সবিতা দাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধানৰ

নগাঁৱৰ ডি এছ পি সবিতা দাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধানৰ

ডিজিটেল ডেস্কঃ যুৱকৰ পৰা ৪০ হাজাৰ টকা দাবী কৰা নগাৱৰ উপ আৰক্ষী অধীক্ষক (সদৰ) সবিতা দাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।

নিশা বন্ধুবৰ্গৰ সৈতে গাড়ীৰ ভিতৰত কথা পাতি থকাৰ বাবেই নগাঁৱৰ এজন যুৱকৰ পৰা ডি এছ পি গৰাকীয়ে দাবী কৰিছিল ৪০ হাজাৰ টকা।

টকা নিদিলে আন বিভিন্ন বিপদৰ সন্মুখীন হ'ব লাগিব বুলিও ধমকি দিয়া দাসৰ বিৰুদ্ধে উৎকোচ বিচৰাৰ অভিযোগ তুলি সোমবাৰে আৰক্ষী সঞ্চালক প্ৰধানলৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰে ভুক্তভোগী যুৱকজনে। এই অভিযোগৰ ভিত্তিত আজি এই নিৰ্দেশ প্ৰদান কৰিছে আৰক্ষী সঞ্চালক প্ৰধানে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in