নগাঁও আৰক্ষীৰ বৃহৎ সফলতা, তিনি কোটি টকাৰ ড্ৰাগছ জব্দ…

নগাঁও আৰক্ষীৰ বৃহৎ সফলতা,  তিনি কোটি টকাৰ ড্ৰাগছ জব্দ…

ডিজিটেল সংবাদ,নগাঁও : নগাঁও আৰক্ষীৰ বৃহৎ সফলতা ৷ আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ দিনাই নগাঁও জিলাৰ দুটি স্হানত অভিযান চলাই বৃহৎ সংখ্যক ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷ ড্ৰাগছ হিচাপে ব্যৱহাৰ হোৱা জব্দ কৰা নিচায়ুক্ত ঔষধ খিনি আৰক্ষীয়ে ট্ৰাকত উঠাই আনিব লগা হয় ৷ ঘটনাৰে জৰিত দুজন লোকক আৰক্ষীয়ে কৰায়ত্ব কৰিছে ৷

নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী , হয়বৰগাঁও টাউন আৰক্ষী চকীৰ বিষয়া তৰঙ্গ পাটোৱাৰী আৰু ধিঙ আৰক্ষী থানাৰ বিষয়া মিন্টু দাসৰ নেতৃত্ব চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান ৷ দলটোয়ে প্ৰথমে ধিঙৰ ধূপগুৰিৰ কলনিবস্তিৰ বাহাৰুল ইছলামৰ ঘৰত অভিযান চলাই ৷ দেওঁবাৰে নিশা ১-২০ বজাত চলা এই অভিযানত ১৩৬০ টা কফ চিৰাপৰ বটল, ৫৩২৮ টা টেবলেট জব্দ কৰে ৷

এই অভিযানৰ পিছতে আৰক্ষীৰ দলটোয়ে নগাঁৱৰ দিফলুত অম্লান জ্যোতি কলিতাৰ বাসভৱনত অভিযান চলাই ৷ এই অভিযান কালত আৰক্ষীয়ে ১৩৪৬৩২০ টা টেবলেট , ১৪৮৪০ টা কফ চিৰাপৰ বটল জব্দ কৰে ৷ পুৱতি নিশা ৪ বজাত চলা এই অভিযানত আৰক্ষীয়ে এই বৃহৎ সংখ্যক ড্ৰাগছ হিচাপে ব্যৱহাৰ হোৱা ঔষধ জব্দ কৰাৰ লগতে আৰক্ষীয়ে বাহাৰুল ইছলাম( ৩৮) আৰু অম্লান জ্যোতি কলিতা(২৬) কৰায়ত্ব কৰে ৷ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে কৰায়ত্ব কৰা বাহাৰুল আৰু অম্লানক নগাঁও সদৰ থানাত জেৰা কৰি আছে ৷ জানিব পৰা মতে জব্দ কৰা নিচায়ুক্ত ঔষধখিনিৰ মূল্য প্ৰায় তিনি কোটি টকা ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in