পৃথিৱীৰ আটাইতকৈ সৰু ভাষাটোৰ প্ৰতিও আমি অন্তৰত শ্ৰদ্ধাৰ ভাৱ ৰাখিব লাগেঃ নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠত বৰেণ্য সাহিত্যিক ডঃ নগেন শইকীয়া

পৃথিৱীৰ আটাইতকৈ সৰু ভাষাটোৰ প্ৰতিও আমি অন্তৰত শ্ৰদ্ধাৰ ভাৱ ৰাখিব লাগেঃ নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠত বৰেণ্য সাহিত্যিক ডঃ নগেন শইকীয়া

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও চহৰৰ অসমীয়া মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠ আৰু নৱৰূপ কনিষ্ঠ মহাবিদ্যালয়ৰ নৱনিৰ্মিত ভৱনৰ "ডঃ নগেন শইকীয়া শ্ৰেণী কোঠা", প্ৰাচীৰ পত্ৰিকা আৰু দেৱকান্ত বৰুৱা পুথিভঁৰাল শুকুৰবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰথিত যশা সাহিত্যিক ডঃ নগেন শইকীয়াই। তদুপৰি শিক্ষানুষ্ঠানখনৰ কম্পিউটাৰ কক্ষটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ তথা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত পঞ্জীয়ক মহেন্দ্ৰ আহোমে।

এই উপলক্ষে বিদ্যালয়ৰ মাধৱ কন্দলী সভাগৃহত বিশিষ্ট শিক্ষাবিদ, সাহিত্য সমালোচক প্ৰভাত বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথিৰ আসন গ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াই কয়- "অসমৰ ভাষা-সাহিত্যৰ আৰু সংস্কৃতিৰ ৰক্ষাৰ ক্ষেত্ৰত নৱৰূপ জাতীয় বিদ্যাপীঠৰ দৰে অনুষ্ঠানে সাম্প্ৰতিক কালত বিশেষ ভুমিকা গ্ৰহণ কৰিছে। নৱপ্ৰজন্মক আধুনিক শিক্ষাৰে শিক্ষিত কৰাৰ প্ৰয়াসৰ সমান্তৰালকৈ ভাষা- সাংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল কৰাৰ যি প্ৰচেষ্টা ই অতি প্ৰশংসনীয়।"

নিজৰ মনপৰশা ভাষণত ডঃ শইকীয়াই কয়, আজি মই নৱৰূপ জাতীয় বিদ্যাপীঠত উপস্থিত থাকি মোৰ মনলৈ আমাৰ পৰম শ্ৰদ্ধেয় জাতিটোৰ এগৰাকী শিৰোমণি পুৰোধা ছৈয়দ আব্দুল মালিকৰ সেই কবিতালৈ মনত পৰিছে। "অসমীয়া মৰা নাই / অসমীয়া মৰা নাই / কোনোকালে নোৱাৰে মৰিব/ লুইতৰ সোঁতে কব / অতীতৰ ভূতে কব /অসমীয়া চিৰঞ্জীৱী/ চিৰঞ্জীৱী হব।" তেওঁ আৰু কয়- "এই বিদ্যাপীঠে যিটো আদৰ্শ গ্ৰহণ কৰিছে, অসম জাতীয় বিদ্যালয়ে যিটো আদৰ্শ গ্ৰহণ কৰিছে, সেই আদৰ্শই ইতিমধ্যেই অসমৰ চিন্তাশীল জগতত এটা শক্তিশালী প্ৰক্ৰিয়া গঢ়ি তুলিছে। যি সকলে দেশখনক ভালপায়, মানুহক ভালপায়, জাতিটোক ভালপায়, ভাষাক ভালপায় সেইসকলে জাতীয় বিদ্যালয়ৰ আদৰ্শক ভাল নোপোৱাকৈ থাকিব নোৱাৰে।" ডঃ নগেন শইকীয়াই অতি বিনয়ী ভাৱে কয়- "মোৰ নিজৰ মাজত নিজৰ বিষয়ে এটা কথা – সঁচাকৈয়ে কোনো প্ৰকাৰৰ ভণ্ডামি নকৰাকৈ বেজবৰুৱাই কোৱাৰ দৰেই কওঁ- দুবৰি বনতকৈ সৰু তই লক্ষীনাথ, ধূলিৰ তলৰ ধূলি।

প্ৰসিদ্ধ সাহিত্যিক গৰাকীয়ে কয়, "মই ইয়ালৈ আহি আৰু এটা কথাত ভাল লাগিছে। মোক বাদ দি অসমৰ যিসকল লোকৰ ছবি শ্ৰেণী কোঠাত লগোৱা হৈছে সেয়া এক মহৎ আদৰ্শ। মই শৈশৱৰ পৰাই এটা ভাব মনত লৈ আহিছিলো যে মই এজন শিক্ষক হম। মোৰ দেউতাও শিক্ষক। এই শিক্ষক হোৱাৰ প্ৰবৃত্তিটোৱেই যেন মোক টানি লৈ আহি আছে। মোক বিভিন্ন সময়ত বিভিন্ন জনে  বিভিন্ন বিশেষণেৰে পৰিচয় কৰি দিবলৈ বিচাৰে। মই স্পষ্ট ভাষাৰে ক‍ওঁ যে, বাকীবোৰ পৰিচয় মোৰ মূহুৰ্তৰ বাবে। কিন্তু মই মোৰ ভিতৰত যি শিক্ষক প্ৰবৃত্তি আছে সেইটো জীয়াই ৰাখিব বিচাৰো। নৱৰূপ জাতীয় বিদ্যাপীঠ যি আদৰ্শৰে আগবাঢ়ি গৈ আছে সেই আদৰ্শ ওখ হৈ গৈ থাকক।

তেখেতে লগতে কয়, "সকলো জাতি-জনগোষ্ঠীৰ ভাষাই শ্ৰদ্ধাশীল বুলি মন্তব্য কৰি ডঃ শইকীয়াই কয়" পৃথিৱীৰ আটাইতকৈ সৰু ভাষাটোৰ প্ৰতিও আমি অন্তৰত শ্ৰদ্ধাৰ ভাৱ ৰাখিব লাগে। মোৰ কাৰণে মোৰ ভাষাটো যেনেকৈ চিৰ চেনহী, প্ৰত্যেক মানুহৰ বাবে, বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ বাবে নিজৰ নিজৰ ভাষা চিৰ চেনেহী।আমি এই ভাৱটো মনত ৰাখিব লাগিব।তেতিয়াহে তেওঁলোকে অসমীয়া ভাষাৰ কাষ চাপি আহিব।"

বিশিষ্ট সাহিত্য সমালোচক প্ৰভাত বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত শিক্ষাবিদ মহেন্দ্ৰ আহোম, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাকে ধৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। সভাৰ আঁত ধৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডঃ কমল শইকীয়াই। সভাৰ শলাগৰ শৰাইৰ আগবঢ়ায় বিদ্যালয় পৰিচালনা সমিতিৰ সচিব মুনীন্দ্ৰ শইকীয়াই।

সভাৰ প্ৰাৰম্ভতে বিদ্যালয়ৰ শিক্ষাৰ্থীসকল ক্ৰমে- শ্ৰেয়া, হীমাংশু, সংযুক্তা কৃপাশ্ৰী আৰু জ্যোতিৰ্ময়ে "হে জয় ৰঘুৰনন্দন…" শীৰ্ষক ভক্তি বন্দনাৰে আৰু পৰবৰ্তী সময়ত সংগীত শিক্ষক নিলোৎপল গায়নে এটি কালজয়ী গীত পৰিৱেশন কৰি সভাখন আৰু অধিক জীপাল কৰি তোলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in