বানপীড়িতলৈ নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সহায়ৰ হাত…

বানপীড়িতলৈ নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সহায়ৰ হাত…

ডিজিটেল সংবাদ, নগাওঁঃ সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানত অসমৰ প্ৰলয়ংকাৰী বানপানীত নিপীড়িত লোকক সাহাৰ্য প্ৰদান কৰে নগাঁও জিলা কৰ্মচাৰী পৰিষদে ।

সমগ্ৰ অসমৰ লগতে নগাঁও জিলাক বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাত জিলাখনৰ বানপীড়িত দুখত সমভাগী হৈ আজি কামপুৰ, দক্ষিণপাট ,ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ বহু অঞ্চলত সদৌ অসম কৰ্মচাৰী পৰিষদৰ ভাৰ প্ৰাপ্ত সম্পাদক প্ৰধান তথা নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক শ্যামন্ত দাসৰ নেতৃত্বত নগাঁও জিলাৰ কৰ্মচাৰী পৰিষদৰ সভাপতি মিন্টু শৰ্মা, উপদেষ্টা অতুল বৰা, মুকুল বৰা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য কাতিবৰ চেঙা,নিৰোদ শৰ্মা,প্ৰণৱ শইকীয়া জিলাৰ সহকাৰী সম্পাদক যজ্ঞেশ্বৰ ৰাজখোৱা সদস্য পুতলী মুদৈ,মিত্ৰ ৰাজখোৱা,ইন্টু শইকীয়া দক্ষিণপাট আঞ্চলিকৰ সভাপতি লৱ শৰ্মা, সম্পাদক প্ৰতাপ সিং, কামপুৰ আঞ্চলিকৰ বকুল নাথ, বিষ্ণু দাস,ৰাজীৱ বৰুৱা, প্ৰদ্যুম্ন বৰা ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি ভূপেন্দ্ৰ কুমাৰ দাস, সম্পাদক লক্ষী প্ৰসাদ ডেকা ,সদস্য‌ অনিতা দেৱী,ধীৰেন দাস,ভূপেন তালুকদাৰৰ উপৰিও ৰহাৰ সাংবাদিক বুলন চন্দ্ৰ নাথ, পলাশ হাজৰিকা, বিপুল মেধি,দীপক দাস, কুঞ্জ মোহন কাকতি , ছয়েল খেতান আৰু মৃণাল তামুলীকে আদি কৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in