মানসিক বিকাৰগ্ৰস্ত যুৱতীৰ দায়িত্ব ল’লে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে

মানসিক বিকাৰগ্ৰস্ত যুৱতীৰ দায়িত্ব ল’লে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ আইন সেৱা প্ৰাধিকাৰীয়ে সমাজৰ দুখীয়া-নিচলা, মানসিক বিকাৰগ্ৰস্ত লোকক উদ্ধাৰ কৰা কাম অব্যাহত ৰাখিছে। নগাওঁ চহৰৰ সদাব্যস্ত পানীগাঁও চাৰিআলিৰ শান্তিবনৰ পৰা নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ ন্যায়াধীশ তথা সম্পাদিকা প্ৰণিতা মৰাঙৰ নিৰ্দেশত যোৱা এটি সজাতি দলে মানসিক বিকাৰগ্ৰস্ত এগৰাকী বহিঃৰাজ্যৰ যুৱতীক উদ্ধাৰ কৰে।

জানিব পৰা মতে, ৯৫ শতাংশ মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীগৰাকী। স্থানীয় একাংশ সচেতন লোকে প্ৰথমে স্থানীয় আৰক্ষীক তথা ইটাচালি আৰক্ষী থানাত খবৰ দিয়াৰ পাছত আৰক্ষীয়ে নগাঁও আইন সেৱা প্ৰাধিকাৰীক খবৰ দিয়ে। তাৰ পাছতে আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙে নিজাববীয়াকৈ লোৱা প্ৰচেষ্টাত যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বৰ্তমান মানসিক বিকাৰগ্ৰস্ত যুৱতীগৰাকীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।
উল্লেখ্য যে, সজাতি দলটিত নগাঁৱৰ আইন সেৱা প্ৰাধিকাৰীৰ পেনেল অধিবক্তা ৰূপালী গোস্বামী, অৰ্দ্ধ আইনী সহায়ক দিপেন শইকীয়া, পাপুমনি বৰা, বিতুপন কোঁৱৰ আদি সকলো উপস্থিত থাকে। ইফালে নগাঁৱৰ ইটাচালি আৰক্ষীয়ে যুৱতীগৰাকীৰ পৰিচয় লাভ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in