নগাঁৱত অবৈধ মাৰণাস্ত্ৰৰ উজান! ধিঙত সুৰাৰ আড্ডাত গুলীচালনাত এজন আহত

ঘটনাস্থলীৰ পুৱাৰ দৃশ্য
ঘটনাস্থলীৰ পুৱাৰ দৃশ্য

ডিজিটেল সংবাদ, নগাঁওঃ অবৈধ মাৰণাস্ত্ৰৰে ভৰি পৰিছে নগাঁও জিলাৰ ধিং, জুৰীয়াকে আদি কৰি একাধিক অঞ্চল। ইয়াকে প্ৰমাণিত কৰি মঙলবাৰে নিশা পুনৰ গুলীচালনাৰ ঘটনা সংঘটিত হয় জিলাখনৰ ধিং অঞ্চলৰ বটাবাৰী ৰিজাৰ্ভত।

সুৰাৰ আড্ডাত হোৱা সাধাৰণ কাজিয়াত এনেদৰে গুলীচালনাৰ ঘটনা সংঘটিত হোৱাত শংকিত হৈ পৰিছে অঞ্চলবাসী। প্ৰাপ্ত বাতৰি মতে, দীৰ্ঘদিন ধৰি আৰক্ষীৰ ছত্ৰ-ছায়াতে চলি অহা অবৈধ জুৱা আৰু সুৰাৰ ঘাটিটোত প্ৰথমে কোনো কথাক লৈ দুজন লোকৰ মাজত কথাৰ কটা-কটি হয়।

এই বাকযুদ্ধই কিছুসময়ৰ পিছত ধাৰণ কৰে ভয়াৱহ ৰূপ। প্ৰায়ে একেলগে সুৰাৰ গিলাচত চুমুক দিয়া ছাহজাহান আলী নামৰ লোকজনক লক্ষ্য কৰি হাতত থকা অবৈধ মাৰণাস্ত্ৰৰ গুলী এৰে দুলাল আহমেদ নামৰ লোকজনে। দুলালৰ মাৰণাস্ত্ৰৰ গুলীত ঠাইতে ঢলি পৰে ছাহজাহান। নিশাই সংকটজনক অৱস্থাত ছাহজাহানক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয়।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুলালৰ লগচে মহিবুৰ ৰহমান নামৰ আন এজন লোককো আটক কৰি তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে কেইমাহমান পূৰ্বে জুৰীয়াত অবৈধ জুৱাৰ ঘাটি উচ্ছেদ কৰিবলৈ গৈ জুৱাৰীৰ গুলীত প্ৰাণ হেৰুৱাবলগীয়াত পৰিছিল এজন অাৰক্ষী বিষয়া।

উক্ত ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই সংঘটিত এই ঘটনাই জিলাখনৰ সচেতন লোকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কি কাৰণত কেনেদৰে জিলাখনত সুৰা আৰু জুৱাৰ ঘাটিৰ সৈতে জড়িত লোকসকলে হাতত অবৈধ মাৰণাস্ত্ৰ ল'বলৈ সমৰ্থ হৈছে সেই বিষয়টোৱেও সকলোৱে উদ্বিগ্ন হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in