ঘনে ঘনে সলনি হৈছে লক্ষণ! জ্বৰ-মূৰৰ বিষত আক্ৰান্ত কোৰোনা ৰোগী নগাঁৱলৈ উভতাৰ ২০ দিন পাছত পুনৰ চিকিৎসাধীন হৈ গুৱাহাটীত মৃত্যু

ঘনে ঘনে সলনি হৈছে লক্ষণ! জ্বৰ-মূৰৰ বিষত আক্ৰান্ত কোৰোনা ৰোগী নগাঁৱলৈ উভতাৰ ২০ দিন পাছত পুনৰ চিকিৎসাধীন হৈ গুৱাহাটীত মৃত্যু

ডিজিটেল ডেস্কঃ পূৰ্বৰ এক বাতৰিত অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কে এই তথ্য প্ৰকাশ কৰিছিল যে, শেহতীয়াকৈ কোৰোনাৰ চৰিত্ৰ সলনি হৈছে। এবাৰ কোৰোনা পজিটিভ ধৰা পৰা ৰোগীক চিকিৎসাৰ অন্তত নিগেটিভ হোৱাৰ পাছত ঘৰলৈ ঘূৰাই পঠিয়াই দি কমপক্ষেও ৭দিন হোম আইছ'লেশ্যনত চিকিৎসকে থাকিবলৈ দিয়ে যদিও উক্ত ৭ দিনৰ পাছত যে সেই ৰোগীজন পুনৰ কোৰোনাত আক্ৰান্ত হ'ব পাৰে সেই তথ্য সঘনাই পোহৰলৈ আহিছে।

পৰিস্থিতি এনে হৈছে যে, এবাৰ জ্বৰ হৈ চিকিৎসালয়লৈ অহা ৰোগীজন চিকিৎসাৰ অন্তত সুস্থ হৈ ঘৰলৈ উভতি ভালদৰে ১৫টা দিন পাৰ কৰাৰ পাছতো পুনৰ আন উপসৰ্গ লৈ চিকিৎসালয়ত ভৰ্তি হোৱাৰ পাছত মৃত্যু পৰ্যন্ত হৈছে। তেনে এক তথ্য অনুসৰিয়েই নগাওঁ জিলাৰ শিঙাপটনী অঞ্চলৰ গিৰিধৰ শইকীয়া নামৰ ৬৮ বছৰীয়া লোকজন প্রথমে নগাঁও চহৰত থকা তেওঁৰ ঘৰতে জ্বৰত আক্ৰান্ত হোৱাত নগাঁও অসামৰিক চিকিৎসালয়ত কোভিড পৰীক্ষা কৰোৱায়। সেয়া আগষ্ট মাহৰ প্ৰথম সপ্তাহৰে কথা। পৰীক্ষাত কোৰোনা পজিটিভ পোৱাত তেওঁক হোম আইচ'লেশ্যনত থকাৰ পৰামৰ্শ দি তাতেই স্বাস্থ্য কৰ্মীয়ে চিকিৎসাৰ ব্যৱস্থা কৰে।

এসপ্তাহৰ পাছত তেওঁৰ কোৰোনা নিগেটিভ ওলোৱাত গিৰিধৰ শইকীয়া সুস্থ হৈ উঠা বুলি ধৰা হয় যদিও, শাৰীৰিক দুৰ্বলতাৰ বাবে তেওঁ ইয়াৰ পাছতে নগাঁও চহৰৰ ঘৰতে কটায়। পিছে হঠাৎ ১২ আগষ্টৰ দিনা তেওঁৰ বুকুৰ বিষ অনুভৱ কৰাত এইবাৰ গুৱাহাটীত কৰ্মৰত ভায়েকৰ পৰামৰ্শ মতে গুৱাহাটীৰ হেলথ চিটী হাস্পতাললৈ লৈ অনা হয়। হেলথ চিটী হাস্পতালত ১২ দিন তেওঁৰ চিকিৎসা কৰোৱাৰ পাছত নিগেটিভ ওলোৱাত চিকিৎসালয়ে তেওঁক ৰিলিজ দিয়ে। সেইমৰ্মে ঘৰলৈ উভতি যোৱা লোকজন ৪ ছেপ্টেম্বৰৰ দিনা পুনৰ অসুস্থ হৈ পৰে।

ততাতৈয়াকৈ তেওঁক গুৱাহাটী হেলথ চিটীলৈ পুনৰ লৈ অনা হয় আৰু আঢ়ৈ ঘন্টীয়া দীঘল এক প্ৰক্ৰিয়াৰ অন্তত শ্বাস-প্ৰশ্বাসত কষ্ট পাই থকা লোকজনৰ কোৰোনা পৰীক্ষা সম্পাদন কৰাৰ পাছত চিকিৎসা আৰম্ভ কৰা হয়। কিন্তু ৬ ছেপ্টেম্বৰৰ বিয়লি চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। ইয়াৰপাছত গিৰিধৰ শইকীয়াৰ মৃতদেহ প্ৰথমে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ অনুমতি আৰু নগাঁও জিলা উপায়ুক্তৰ সন্মতি সাপেক্ষে প্ৰথমে নগাঁওলৈ নিয়াৰ কথা পৰিয়ালে চিন্তা কৰে যদিও, মৃতদেহ গৈ পোৱাৰ পাছত কোৰোনাৰ বিষয়টোক লৈ গাঁৱত সৃষ্টি হ'ব পৰা আতংকৰ কথা উপলব্ধি কৰি পুনৰ মহানগৰ জিলা উপায়ুক্তৰ অনুমতি ক্ৰমে সোমবাৰে নিশা ভূতনাথ শ্মশানত পৰিয়ালৰ সীমিত লোকৰ উপস্থিতিত তেওঁৰ মৃতদেহৰ অন্ত্যেষ্টিক্ৰিয়া সম্পাদন কৰা হয়।

এই ঘটনাটোৱে ঘনে ঘনে চৰিত্ৰ সলনি কৰিব পৰা কোৰোনাক চিকিৎসা আৰু সেই সম্পৰ্কীয় প্ৰমাণপত্ৰই যে লোকজন সুস্থ হৈ উঠা বুলি প্ৰমাণ কৰিব নোৱাৰে সেয়া স্পষ্ট কৰি দিছে। যিগৰাকী লোক প্রথমে জ্বৰ হৈ ছিমট'মেটিক কোভিড ৰোগী ৰূপে চিকিৎসালয়ত ভৰ্তি হৈ সুস্থ অৱস্থাত ঘৰলৈ উভতিছিল। সেই একেজন লোক ১৫ দিনৰ পাছত আন ভয়াৱহ উপসৰ্গ লৈ জটিল পৰিস্থিতিত গুৱাহাটীৰ চিকিৎসালয়ত ভৰ্তি হ'ব লগা হৈছিল। আনহাতে, সেই খন চিকিৎসালয়তো সুস্থ হৈ উঠা বুলি চিকিৎসকে কৰা ঘোষণাৰ পাছত ঘৰলৈ উভতিছিল যদিও, দুদিন পাছতে সংকটজনক অৱস্থাত গুৱাহাটীৰ একেখন চিকিৎসালয়লৈ উভতাৰ পাছত দুদিনতে প্ৰাণ হেৰুৱাব লগাত পৰে। কোৰোনা সমস্যাৰ ভয়াৱহতা হ্ৰাস পোৱা বুলি সমগ্ৰ দেশত আনল'ক-৪ চলি থকা সময়ত চৰকাৰৰ এনে স্থিতিৰ বিপৰীতে যে কোৰোনাই শেহতীয়াকৈ অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সেয়া সমগ্ৰ দেশতে লাহে লাহে স্পষ্ট হ'বলৈ ধৰিছে।

অসমত এনে সময়ত কোৰোনাই পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যি সময়ত স্বাস্থ্য বিভাগৰ হাতত কোৰোনা আক্ৰান্তৰ চিকিৎসাৰ বাবে আইচিইউ বেডৰ কথাতো বাদেই সাধাৰণ বিচনা, অক্সিজেনকে ধৰি অন্যান্য সা-সজুলিৰো অভাৱ। এনে অৱস্থাত স্বাস্থ্য মন্ত্ৰীয়ে ৰাইজক সতৰ্ক হ'বলৈ আহ্বান জনালেই যে পৰিস্থিতিৰ উপসম নঘটে সেয়া নগাঁৱৰ গিৰিধৰ শইকীয়াৰ ঘটনাটোৱে পৰিষ্কাৰ কৰি দিছে। সেয়েহে কোৰোনা যে ধেমালি নহয়, ইয়াক লৈ ৰাইজে ল'ৰা-ধেমালি খেলা বুলি অভিযোগ দিয়েই যে স্বাস্থ্য বিভাগ সাৰি যাব নোৱাৰে এই কথা চৰকাৰে গভীৰভাৱে উপলব্ধি কৰাৰ প্ৰয়োজন।

অসমৰ বহু কোৰোনা চিকিৎসালয়ত সম্প্ৰতি এনে ৰোগী বহুত আছে যি ৰোগীৰ নিৰ্দিষ্ট সময়ৰ ব্যৱধানত দুই-তিনি বাৰলৈ কোৰোনা পৰীক্ষা কৰোতেও কোৰোনাৰ পৰা মুক্ত হোৱাৰ প্ৰমাণ পোৱা নাই। স্বাস্থ্য মন্ত্ৰীয়ে কৈছিল- এছিমট'মেটিক কোভিড ৰোগী তিনি দিনতে সুস্থ হয়। কিন্তু শেহতীয়াকৈ ১৫ দিনতো সুস্থ নোহোৱা বহু কোৰোনা ৰোগীয়ে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাৰ অপেক্ষাৰে দিনৰ পাছত দিন পাৰ কৰিব লগাত পৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in