ৰকিবুলৰ ঘনিষ্ঠ নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ পদত্যাগ

ৰকিবুলৰ ঘনিষ্ঠ নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ পদত্যাগ

ডিজিটেল সংবাদ ,নগাঁও : নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মাৰ পদত্যাগ ৷ সভাপতি তপন কুমাৰ শৰ্মাই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ ৷ শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ শৰ্মাই পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৷

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ঘনিষ্ঠ তপন কুমাৰ শৰ্মাই পদত্যাগ পত্ৰ প্ৰেৰণ কৰা ঘটনাই নগাঁও কংগ্ৰেছত জোকাৰনিৰ সৃষ্টি কৰিব ৷ বিশেষকৈ নগাঁও পৌৰসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ শোচনীয় পৰাজয়ৰ বাবে জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মাই পদত্যাগ কৰা বুলি জানিব পৰা গৈছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in