শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২৫৯৫জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৫৪৫৩জনলৈ পাইছে বৃদ্ধি...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  এইমছৰ পৰা ঘৰলৈ উভতিল অমিত শ্বাহ...  •  সঁচা কথা লুকাই নাথাকে! দিল্লীলৈ দৌৰিলে হিমন্ত-সৰ্বানন্দ...  •  গোৱালপাৰাত আৰক্ষী বিষয়াৰ গুণ্ডাৰাজ! গহণা চুৰিৰ সন্দেহত নিৰীহ যুৱকক পাশৱিক নিৰ্যাতন...  •  প্ৰধানমন্ত্ৰীৰ জন্মদিনৰে সংগতি ৰাখি "সেৱা সপ্তাহ" উপলক্ষে বটদ্ৰৱাত স্বচ্ছতা অভিযান...  •  ভাৰত-নাগা সংঘাতৰ মিমাংসাত অন্তৰ্ভূক্ত হ’ব লাগিব নগাৰ পতাকা আৰু সংবিধানৰ বিষয়: এন এছ চি এন (আই এম)  •  নগাঁৱৰ হয়বৰগাঁৱত কেঁকো সাপসহ ৫ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...  •  অৰুণাচলত জলপ্ৰলয়! পাহাৰ খহি পৰিল নদীত... VIDEO

নগাঁৱৰ চাপানালাত ‘কা’ বিৰোধী আন্দোলনৰ ৫গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি…

165

ডিজিটেল সংবাদ, চামগুৰি: বুধবাৰে অসমীয়াৰ বাপুতি সাহোন হেপাঁহৰ ভোগালী বিহু ৰাজ্যজুৰি উদযাপন । নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ মাজতেই অসমীয়া ৰাইজে পালন কৰিছে ভোগালী বিহু । সমগ্ৰ ৰাজ্যতে ইতিমধ্যে ভোগৰ উৎসৱ ভোগালী বিহু লৈ উখল-মাখল পৰিৱেশ । নগাঁৱৰ চাপানালাবাসীয়েও ‘কা’ বিৰোধী আন্দোলন অব্যাহত ৰখাৰ লগতে পালন কৰিলে ভোগালী বিহু ।

ভোগালী বিহুৰ আনন্দ উল্লাসৰ সমান্তৰালভাৱে নগাঁৱৰ চাপানালাৰ নিকটৱৰ্ত্তী জামুকতলতো দেখা পোৱা গ’ল এক ব্যতিক্ৰমী পৰিৱেশ। সম্প্ৰতি ৰাজ্যৰ সৰ্বত্ৰে চলি থকা ‘কা’ বিৰোধী আন্দোলনৰ প্ৰতি পূৰ্ণ সৰ্মথন আগবঢ়াই চাপানালাৰ জামুকতলবাসীয়ে ভেলাঘৰৰ কাষতেই নিৰ্মাণ কৰিছিল এক নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতীক চিহ্ন ।

বাৰীৰ বাঁহ আৰু পথাৰৰ পৰা নৰা কাটি গাঁৱৰ ডেকাহঁতে অসমৰ এখন বিশাল মানচিত্ৰৰ লগতে কা বিৰোধী আন্দোলনত শ্বহীদ হোৱা পাঁচ গৰাকীকৈ লোকৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি ভেলাঘৰৰ কাষতেই কাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে পাঁচ গৰাকীকৈ বীৰ শ্বহীদক ।বিহুৰ আনন্দৰ মাজতেই পাঁচো গৰাকী বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনায় চাপানালাৰ জামুকতলবাসীয়ে ‘কা’ কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিয়াৰ লগতে এই আইন বিৰোধী আন্দোলনখন অধিক তীব্ৰভাৱে চলাই নিয়াৰ সংকল্প লয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি