নগাঁও চহৰত জলন্ত বাহন : আহত তিনি…

নগাঁও চহৰত জলন্ত বাহন : আহত তিনি…

ডিজিটেল সংবাদ,নগাঁও: দেওবাৰে নিশা ৰাজপথত বাৰ্নিং কাৰ ৷ নগাঁও চহৰৰ ডিমৰুগুৰিত নিশা জ্বলি উঠিল এখন গাড়ী ৷ গাড়ী খন জ্বলি উঠাত হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় চহৰখনৰ ডিমৰুগুৰিত ৷ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকে পিছত গাড়ীখনৰ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ যদিও ক্ৰয়ৰ তিনি বছৰ হোৱা গাড়ীখন সম্পূৰ্ণ ৰূপে জ্বলি যায় ৷

এই ঘটনাত তিনিজন আহত হয় ৷ এ এছ ০২ এক্স ৭৮৩৮ নম্বৰৰ টাটা নেক্স'ন বাহন খনত পাঁচজন লোকে হয়বৰগাঁৱৰ পৰা পুৰনিগুদামলৈ বুলি গৈ থকা অৱস্হাত চালকে নিয়ন্ত্ৰন হেৰুৱাই পথৰ কাষৰ পকা বেৰাত খুন্দা মাৰে ৷ ডিমৰুগুৰি স্কুলৰ চৌহদৰ পকা বেৰাত প্ৰচণ্ড জোৰত খুন্দা মৰাত তিনিজন গুৰুতৰ ভাবে আহত হয় ৷ মাজনিশা সংঘটিত দুৰ্ঘটনাটোৰ পিছত পাঁচোজন আৰোহী গাড়ীৰ পৰা ওলাই অহাৰ পিছতে গাড়ীখন বিষ্ফোৰিত হৈ জ্বলি উঠে ৷

গাড়ীখন জ্বলি উঠাৰ পিছতে হাহাকাৰ পৰিবেশৰ সৃষ্ট হয় ডিমৰুগুৰিত ৷ আহত পুৰনিগুদামৰ নিলোৎপল কাকতি, ৰবিউল জামান , সুশ্মিতা বৰাক এৰি আন দুজন যাত্ৰী পলায়ন কৰে ৷ পিছত আৰক্ষীয়ে আহত তিনিওকে নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in