শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...

পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ গোমোঠা গাঁৱত অনুষ্ঠিত ম’হ যুঁজ

3,406

ডিজিটেল সংবাদ, চামগুৰি: এফালে পৰম্পৰা ৰক্ষাৰ যুঁজ, আনফালে ন্যায়ালয়ৰ বাধা।ইয়াৰ মাজতেই নগাঁৱৰ গোমোঠা গাঁৱত পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ’ল ম’হ যুঁজ। ভোগালী বিহু বুলি ক’লেই সাধাৰণতে চৰ্চিত হৈ পৰে ম’হ যুঁজৰ প্ৰসংগ। এইবাৰো প্ৰতি বছৰৰ দৰে নগাঁৱৰ গোমোঠা গাঁৱৰ কৰণ কুমাৰ নেওঁগ সোৱৰণী ক্ষেত্ৰত অনুষ্ঠিত হ’ল ম’হ যুঁজ।

পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ গোমোঠা গাঁৱত অনুষ্ঠিত ম’হ যুঁজত আৰু কেইবাহালো গুনা ম’হে যুঁজ কৰে ।আনহাতে কৰণ কুমাৰ সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত ম’হ যুঁজ খন আৰম্ভ কৰে এটি বিহু নৃত্যৰে । নগাঁৱৰ গোমোঠা গাঁৱৰ পথাৰত প্ৰায় ৪২ বছৰ ধৰি এই পৰম্পৰা ৰক্ষা কৰি ম’হৰ যুঁজ অনুষ্ঠিত কৰি আহিছে।

জন বিশ্বাস অনুসৰি মাঘত ম’হৰ শিঙত যি পোকৰ সৃষ্টি হয় তাক যুঁজৰ মাজেৰে নাশ কৰিবৰ বাবেই ম’হ গোৱাল সকলে পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰে ম’হ যুঁজ । আনফালে এই ম’হৰ যুঁজ প্ৰত্যক্ষ কৰিবলৈ জীয়ৰী-বোৱৰী, যুৱকৰ লগতে বৃদ্ধ ককা-আইতা ভিৰ কৰে পথাৰ খনত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি