নগাঁৱৰ বঢ়মপুৰত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এনাজৰীৰে অনুষ্ঠিত ৰাস মহোৎসৱ…

নগাঁৱৰ বঢ়মপুৰত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এনাজৰীৰে অনুষ্ঠিত ৰাস মহোৎসৱ…

ডিজিটেল সংবাদ, চামগুৰি: নগাঁৱৰ বঢ়মপুৰত ব্যতিক্ৰমী ৰূপত পালন কৰা হয় ৰাস মহোৎসৱ। বঢ়মপুৰৰ জাগৰণ সচেতন মঞ্চই আয়োজন কৰা ৰাস মহোৎসৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।বিশেষকৈ শংকৰ-আজানৰ দেশৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰাৰ চেষ্টা কৰা হয় এই ৰাস মহোৎসৱত ।

কেইবাগৰাকীও গোপীৰ লগতে কৃষ্ণৰ ৰূপত অবতীৰ্ণ হৈ মুছলিম সম্প্ৰদায়ৰ নগাঁৱৰ মুস্কান বেগমে লাভ কৰিছে ৰাইজৰ বিপুল সমাদৰ।আনহাতে বৰ্তমান দেশত বৃদ্ধি হোৱা ধৰ্মীয় সংকীৰ্ণতাৰ বিৰুদ্ধে এই পদক্ষেপ এক উদাহৰণ হৈ ৰ'ব বুলি মত প্ৰকাশ কৰিছে বিভিন্ন জনে।

আমি অসমীয়া বুলি কৈ থাকিলেই নহব,সকলো জাতি ধৰ্মৰ মানুহে একেলগে ঐক্য অসম গঢ়িব লাগিব বুলি মন্তব্য কৰে আয়োজক মণ্ডলীয়ে।আনহাতে এই ৰাস মহোৎসবত যশোদাৰ ৰূপত অভিনয় কৰে অসমীয়া ছবি জগতৰ অভিনেত্ৰী আশা বৰদলৈয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in