অনুসূচিত জাতিৰ স্বায়ত্ব শাসনৰ দাবীত ৰহাত জোঁৰ সমদল

অনুসূচিত জাতিৰ স্বায়ত্ব শাসনৰ দাবীত ৰহাত জোঁৰ সমদল

ডিজিটেল সংবাদ, ৰহাঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰহাতো শুকুৰবাৰে অনুসূচিত জাতিৰ স্বায়্ত্ব শাসনৰ দাবীত জোৰ সমদল উলিওৱা হয়৷ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলাৰ উদ্যোগত শুকুৰবাৰে প্ৰতিবাদী জোৰ সমদল বাহিৰ কৰা হয়৷ প্ৰতিবাদকাৰীসকলে ৰহা পুৰনা চাৰিআলিৰ পৰা ৰহা নতুন চাৰিআলিলৈকে সমদল বাহিৰ কৰে।

প্ৰতিবাদী সমদলটোত অংশ লোৱা লোকসকলে "আমাক স্বায়ত্ব শাসন প্ৰদান কৰক", " "অনুসূচিত জাতিক প্ৰতাৰণা কৰা নচলিব" আদি শ্লোগানৰে উত্তাল কৰি তোলে লগতে "কা"ৰ বিৰোধিতাৰে বিভিন্ন শ্লোগানৰে প্ৰতিবাদ সাব্যস্ত কৰি তোলে৷ উল্লেখ্য যে, অনুসূচিত জাতিৰ স্বায়ত্ব শাসনৰ দাবীত ইতিমধ্যে জিলাসমূহৰ সদৰ কেন্দ্ৰসমূহত অৱস্থান ধৰ্মঘট, প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে বিভিন্ন জিলাৰ লগতে নগাওঁ জিলা সমিতিয়েও৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in