নগাওঁৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ ড০ নাৰায়ণ বৰ্মনৰ দেহাৱসান…

নগাওঁৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ ড০ নাৰায়ণ বৰ্মনৰ দেহাৱসান…

ডিজিটেল ডেস্ক : নগাওঁৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ,বিশিষ্ট শিক্ষাবিদ ড০ নাৰায়ন বৰ্মনৰ আজি সন্ধিয়া ৬ বজাত নিজা বাসভৱনত মৃত্যু হয় ।৯২ বছৰ বয়সত বাৰ্ধক্য জনিত কাৰনত মৃত্যু হোৱা শিক্ষাবিদ গৰাকী নলবাৰীৰ সন্তান আছিল যদিও সুদীৰ্ঘ কাল নগাওঁৰ শৈক্ষিক জগতলৈ বৰঙনি আগবঢ়োৱাৰ পিছত নগাওঁ চহৰৰে মহেশ মেনচত নামৰ এপাৰ্টমেন্টটোত থাকিবলৈ লয় ।মৃত্যু সময়ত লৰা এটা আৰু ছোৱালী দুজনী এৰি থৈ যোৱা বৰ্মন চাৰৰ মৃত্যুৱে নগাওঁত শোকৰ ছাঁ পেলাই । ইতিমধ্যে তেওৰ মৃত্যুৰ খবৰ পাই তেওঁৰ বাসভৱনত চহৰৰ মহাবিদ্যালয় সমূহৰ শিক্ষক শিক্ষাৰ্থীৰ লগতে গুনমুগ্ধ সকলো উপস্থিত হৈছে ।

গুৱাহাটীত থকা আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ ড০ সুৰজিৎ ভাগৱতী ইতিমধ্যে নগাওঁলৈ ৰাওনা হৈছে । অধ্যক্ষ গৰাকী ফোন যোগে বৰ্মন চাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় আনন্দ ৰাম ঢেকীয়াল মহাবিদ্যালয়ক পূৰ্নাংগ ৰূপ দিয়াত নাৰায়ন বৰ্মন চাৰৰ বৰঙনি আছিল সৰ্বাধিক । তেখেতে ১৯৮৫ চনৰ ৭ মে তাৰিখৰ পৰা ৯৪ চনৰ ৩১ আগষ্টলৈকে মহাবিদ্যালয় খনত অধ্যক্ষৰ দায়িত্ব পালন কৰাৰ উপৰি ২০১০ চনৰ পৰা ১৫ চনলৈ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰূপে কাৰ্যনিবাহ কৰি থৈ গৈছে । অসমীয়া ভাষা সাহিত্যত বুৎপত্তি থকা শিক্ষাবিদ গৰাকীয়ে কেইবাখনো গ্ৰন্থ লিখি থৈ যোৱাৰ লগতে নগাওঁৰ সামাজিক সাংস্কৃতিক জগতৰ প্ৰতিও বিশেষ বৰঙনি আগবঢ়াই থৈ গৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in