আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তী

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তী

ডিজিটেল সংবাদ, নগাঁওঃ ১৯৫৯ চনত প্ৰতিষ্ঠা হোৱা নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তী মহোৎসৱৰ আজি দ্বিতীয় দিনৰ কাৰ্যসুচী আৰম্ভ হয় এক বৰ্ণাঢ্য বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে। পুৱা দহ বজাত এই শোভাযাত্ৰাৰ উদ্বোধন কৰে নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সহজানন্দ ওজাই।

মহাবিদ্যালয় চৌহদৰ পৰা নগাঁও চহৰৰ মাজেৰে যোৱা এই বৰ্ণিল শোভাযাত্ৰাত আজি মহাবিদ্যালয়খনৰ প্ৰায় ৫ হাজাৰৰো অধিক ছাত্র ছাত্ৰী, প্ৰাক্তন ছাত্র-ছাত্ৰী, ন-পুৰণি অধ্যাপক-অধ্যাপিকাসকলে অংশগ্ৰহণ কৰে। এই শোভাযাত্ৰাত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সংস্কৃতিক অতি সাৱলীল ৰূপত তুলি ধৰা হয়।

শোভাযাত্ৰাৰ অন্তত বিয়লি ১ বজাৰ পৰা আৰম্ভ হয় গুৰু-শিষ্যৰ মিলন সমাৰোহ। এই অনুষ্ঠানটি মুকলি কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° কন্দৰ্প কুমাৰ ডেকাই। বিয়লি অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ। সভাপতিত্ব কৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ সভাপতি আবুল হাচিম খণ্ডকাৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in