এডিপি কলেজত সৃষ্টি হোৱা সংঘাতৰ ফলত প্ৰভাৱ পৰিছে শৈক্ষিক ক্ষেত্ৰত

এডিপি কলেজত সৃষ্টি হোৱা সংঘাতৰ ফলত প্ৰভাৱ পৰিছে শৈক্ষিক ক্ষেত্ৰত

ডিজিটেল সংবাদ,নগাঁও : ঐতিহ্যমণ্ডিত নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় ৷ ঐতিহ্যৰে গৰকা নগাঁৱৰ উচ্চ শিক্ষানুষ্ঠানটিৰ শৈক্ষিক দিশত সৃষ্টি হৈছে অচলাৱস্হা ৷ বিশেষকৈ আদালতত বৰ্তমান বিচাৰধীন হৈ থকা এক যৌন নিৰ্যাতনৰ ঘটনাক লৈ মহাবিদ্যালয়খনৰ শৈক্ষিক দিশত কু প্ৰভাব পৰিছে ৷

মহাবিদ্যালয় খনত কাম কৰা মহিলা অস্থায়ী প্ৰবক্তাই ইতিমধ্যে নিলম্বিত হৈ থকা পূৰ্বৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আনিছিল ৷ এই ঘটনাৰ পিছত ড° ভাগৱতীক নগাঁও আৰক্ষীয়ে গুৱাহাটীৰ এটা ফ্লেটৰ পৰা গ্ৰেপ্তাৰ কৰি নগাঁৱলৈ আনিছিল ৷ আদালতত আৰক্ষীয়ে হাজিৰ কৰাৰ পিছত ন্যায়ালয়ে কাৰাগাৰলৈ প্ৰেৰন কৰিছিল ড° ভাগৱতীক ৷

মহাবিদ্যালয়খনিৰ অধ্যক্ষৰ গ্ৰেপ্তাৰৰ ঘটনাই ৰাজ্যজুৰি তোলপাৰ লগাইছিল ৷ অভিযোগ-প্ৰতি অভিযোগ, নিলম্বন-গ্ৰেপ্তাৰ বিষয়বোৰৰ পিছত যৌন নিৰ্যাতনৰ বিষয়টো আদালতৰ বিচাৰধীন ৷ আদালতৰ মজিয়াত প্ৰতিপন্ন হব কোন সঁচা কোন মিছা ৷

শেহতীয়াকৈ উচ্চ ন্যয়ালয়ৰ পৰা জামিন লাভ কৰা ড° সুৰজিৎ কুমাৰ ভাগৱতীয়ে একাংশ সংবাদমাধ্যমৰ আগত যৌন নিৰ্যাতনৰ ঘটনাৰ সন্দৰ্ভত নিজা মন্তব্য আগবঢ়াইছে ৷ জামিন লাভৰ পিছত ড° ভাগৱতীয়ে আগবঢ়োৱাৰ বক্তব্যৰ পিছত এইবাৰ জাঙুৰ খাই উঠিছে মহাবিদ্যালয়খনৰ শিক্ষক পৰিষদ ৷

মহাবিদ্যালয়ত শুকুৰবাৰে শিক্ষক পৰিষদে এক সংবাদমেল অনুষ্ঠিত কৰি কয় যে পৰিষদে মহাবিদ্যালয়ত পুনৰ অধ্যক্ষ পদত ড° সুৰজিৎ কুমাৰ ভাগৱতীক অধিষ্ঠিত নকৰিবলৈ এক প্ৰস্তাৱ গ্ৰহণ কৰিছে ৷ লগতে এই প্ৰস্তাৱটো উচ্চ শিক্ষা বিভাগক পেচ কৰিব বুলি সংবাদমেলত সদৰি কৰে ৷ লগতে ড° ভাগৱতীয়ে একাংশ সংবাদমাধ্যমৰ আগত আগবঢ়োৱা স্পষ্টিকৰন শুদ্ধ নহয় বুলি শিক্ষক পৰিষদে দাবী কৰে ৷

সংবাদমেলত পৰিষদে মহাবিদ্যালয়ৰ পুঁজিৰ ব্যাপক খেলিমেলিৰো বিষ্ফোৰক অভিযোগ উস্থাপন কৰিছে ৷ লগতে মহাবিদ্যালয়ৰ বিগত চাৰি বছৰৰ পুঁজিৰ তদন্তৰ দাবী কৰিছে ৷ সংবামেল খনত শিক্ষক পৰিষদৰ হৈ ড° সোনাৰাম নাথ , ড° মিলন নেওগ,ড° ববি ভূঞা, ড° সদানন্দ পায়েং আদি উপস্থিত আছিল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in