নগাঁৱৰ চামগুৰিত সংঘটিত দুৰ্ঘটনাত নিহত ৫

নগাঁৱৰ চামগুৰিত সংঘটিত দুৰ্ঘটনাত নিহত ৫

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁৱৰ চামগুৰিৰ ৰঙাগড়াত নিশা এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। ট্ৰাক আৰু ৱাগ'নাৰৰ সংঘৰ্ষৰ ফলত নিহত হয় ৱাগনাৰখনত থকা ৫জন আৰোহী।

তিনিজন ঘটনাস্থলীতে নিহত হয় আৰু আন দুজনক সংকটজনক অৱস্থাত নগাঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। চিকিৎসালয়লৈ নি থকা অৱস্থাত আদবাটতে মৃত্যু ঘটে দুয়োজনৰে।

নিহত লোককেইজন ক্ৰমে ৰছিদুল হক, ছৰিফুল ইছলাম, আবু বক্কৰ চিদ্দিক আৰু ছফিকুল ইছলাম আৰু বলিন দাস। দাস ৱাগ'নাৰখনৰ চালক আছিল।

প্ৰচণ্ড বৰষুণত দ্ৰুতগতিত গাড়ী চলোৱাৰ বাবে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in