নগাঁৱৰ গান্ধীবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ৭ জন…

নগাঁৱৰ গান্ধীবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ৭ জন…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁৱৰ গান্ধীবড়ীত সোমবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। মৰিগাঁৱৰ পৰা নগাঁও অভিমুখে গৈ থকা এএছ-১২বিচি-০৬৬৯ নম্বৰৰ এখন টেম্প'য়ে ৰৈ থকা এএছ-২১চি-৫২১০ নম্বৰৰ এখন বলেৰ পিকআপ ভানত প্ৰচণ্ড খুণ্ডা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোত ৭ গৰাকী টেম্প' আৰোহী গুৰুত্বৰ ভাবে আহত হয়। লগে লগে স্থানীয় লোকৰ তৎপৰতাত আহত সকলক ১০৮ এম্বুলেঞ্চৰ দ্বাৰা চিকিৎসাৰ বাবে প্ৰেৰণ নগাঁৱলৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in