ডিজিটেল সংবাদ, কামপুৰঃ নগাঁৱৰ কঠিয়াতলি ৰেংবেংত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। আকাশী গঙ্গাৰ বনভোজ স্থলীৰ পৰা বনভোজ খাই আহি থকা অৱস্থাত পথৰ কাষৰ ৰেলিঙত খুন্দা মােৰে এখন বলেৰ' পিক আপ বাহনে।
দুৰ্ঘটনাত বলেৰ' পিক আপ বাহনখনত থকা ১২ জনকৈ লোক আহত হয়। আহত কেইজনক ততাতৈয়াকৈ কঠিয়াতলি স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও সংকট জনক অৱস্থাত দুজনক নগাঁৱলৈ প্ৰেৰণ কৰা হয়। আহত আটাইকেইজনৰ ঘৰ নগাঁৱৰ ৰূপহীত বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনা সংঘটিত কৰিয়ে চালকসহ হেণ্ডিমেনে পলায়ন কৰে। দুৰ্ঘটনা গ্ৰস্ত বাহন খনৰ নং এএছ০২-বিচি-৭০৮৩।