নগাঁৱত বিধায়ক আমিনুল ইছলামৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ, VIDEO

নগাঁৱত বিধায়ক আমিনুল ইছলামৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ, VIDEO

ডিজিটেল সংবাদ, নগাঁওঃ অসমৰ থলুৱা ভূমিপুত্ৰ আহোম সকলক বিদেশী বুলি আখ্যা দিয়াৰ লগতে পমুৱা মুছলমান অৰ্থাৎ বাংলাদেশী মূলৰ মুছলমান সকলহে অসমৰ খিলঞ্জীয়া বুলি ধিঙৰ বিধায়ক আমিনুল ইছলামে কৰা সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত নগাঁও নগৰৰ মাজমজিয়াত তথা নগাঁও কলেজৰ সমীপত অসমৰ জাতি-জনগোষ্ঠীসমূহক তাচ্ছিল্য সূচক মন্তব্য দিয়াৰ প্ৰতিবাদত আমিনুল ইছলামৰ পুত্তলিকা দাহ কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও নগৰ সমিতিয়ে।

অৰ্ধ শতাধিক কাৰ্যকৰ্তাৰ উপস্থিতিত সাত ৰাজ মাৰি এক ৰাজ প্ৰতিষ্ঠা কৰা তথা ৬০০ বছৰ অসমত ৰাজত্ব কৰি বৰঅসমৰ প্ৰতিষ্ঠা কৰা তথা ১৭ বাৰ মোগলৰ আক্ৰমণ প্ৰতিহত কৰা আহোম সকলৰ বিৰুদ্ধে তীৰ্যক মন্তব্য দিয়াৰ বিৰুদ্ধে গৰজি উঠে নগাঁও জিলাৰ বিদ্যাৰ্থী পৰিষদ। অসমৰ বৃহত্তৰ আহোম জনগোষ্ঠীকে নহয় অসমীয়াত্বৰ ভেটিত আঘাত সনা মন্তব্যৰ প্ৰতিবাদত বৃহস্পতিবাৰে পুত্তলিকা দাহ কৰে বিদ্যাৰ্থী পৰিষদ নগাঁও নগৰ সমিতিয়ে।

অসম তথা ভাৰতবর্ষৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ আত্মসন্মানত কুঠাৰাঘাট কৰিব পৰা প্ৰতিটো মন্তব্য, প্ৰতিটো কু অভিসন্ধি প্ৰতিহত কৰিবৰ বাবে পৰিষদ সদা প্ৰস্তুত বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে। অসম বিৰোধী চক্ৰ নিপাত যাওঁক, আমিনুল ইছলাম মুর্দাবাদ, আমিনুল ইছলাম গ' বেক, জয় আই অসম আদি শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে নগাঁও চহৰৰ আকাশ বতাহ।

প্ৰতিবাদস্থলীত উপস্থিত থাকে কলা মঞ্চৰ ৰাজ্যিক প্ৰমুখ ভাস্কৰ কলিতা, জিলা সংযোজক মৃত্যুঞ্জয় কুমাৰ মাহাতো, নগাঁও নগৰ সম্পাদক ঋতুৰাজ দত্ত, ৰাজু ৰয়, দীপাংকৰ দাস, আন্দোলন প্ৰমুখ ৰিপন গুহকে প্রমুখ্যে কৰি অৰ্ধ শতাধিক কাৰ্যকৰ্তা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in