বৃদ্ধি পাইছে সংক্ৰমণঃ নগাঁৱত তৃতীয়টো কন্টেইমেন্ট জ’ন ঘোষণা…

বৃদ্ধি পাইছে সংক্ৰমণঃ নগাঁৱত তৃতীয়টো কন্টেইমেন্ট জ’ন ঘোষণা…

ডিজিটেল সংবাদ, নগাঁও: কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে নগাঁৱত৷ সোমবাৰে নগাঁও জিলা প্ৰশাসনে দুটাকৈ স্থান ১৪ দিনৰ বাবে কন্টেইমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে৷ বিগত পাঁচ দিনৰ ভিতৰত তিনিটাকৈ স্থানত কন্টেইমেন্ট জ'ন ঘোষণা কৰাৰ পিছত নগাঁও চহৰত হাঁহাকাৰ লাগিছে ৷ জিলা প্ৰশাসনৰ সূত্ৰ মতে, ৰামানুজন জুনিয়ৰ কলেজত দহজনকৈ শিক্ষাৰ্থীৰ শৰীৰত কোভিড ধৰা পৰাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে ৷

ৰামানুজন জুনিয়ৰ কলেজ চৌহদৰ লগতে ৰামানুজনৰ পিকেবি নাৰ্ছিং হোমৰ ওচৰত থকা ব্ল'ক ২ বি হোষ্টেলটো কন্টেইনমেন্ট কৰা হৈছে ৷ চৰকাৰে সকলো শিক্ষানুস্থান খুলি দিয়াৰ পিছতে নগাঁৱত কোৰোনাৰ প্ৰকোপ বৃদ্ধি পাইছে৷ ডচন স্কুলৰ এগৰাকী শিক্ষাৰ্থীৰ দেহত কোভিড ধৰা পৰা পিছত ৰাজ্যিক নাৰী আৰু শিশুগৃহত ১৬ জনকৈ লোকৰ দেহত কোভিড ধৰা পৰিছিল ৷ ফলত ১১ নবেম্বৰত নাৰী গৃহটো কন্টেইনমেন্ট জ'ন কৰিব লগা হৈছিল ৷

ইয়াৰ পিছতে ৰামানুজনৰ চাৰি ছাত্ৰৰ দেহত ধৰা পৰে কোভিড৷ সংক্ৰমণ হৈ ৰামানুজনৰ অধ্যক্ষকে ধৰি দহজনৰ গাত ধৰা পৰে কোভিড ৷ ছাত্ৰ-ছাত্ৰীৰ বাবে কোনো প্ৰতিষেধক নথকাৰ পিছত চৰকাৰে বিদ্যালয় সমূহ খুলি পাঠদান কৰিবলৈ দিয়াৰ পিছত নগাঁও চহৰত দ্ৰুত কোৰোনা সংক্ৰমনে অশনিৰ সংকেত কঢ়িয়াই আনিছে ৷

ইফালে, শিক্ষানুস্থান সমূহে সকলো ছাত্ৰ-ছাত্ৰীক এক লগ কৰি অফলাইন পৰীক্ষা পাতিবলৈকো প্ৰস্তুতি চলাইছে৷ আগন্তক দিনত হয়টো শিক্ষানুস্থান অপৰিকল্পিত ভাবে খুলিবলৈ দিয়া আৰু সকলো ছাত্ৰঃছাত্ৰীক বহুৱাই অফলাইন পৰীক্ষা পাতিলে হিতে বিপৰিত নহ'ব বুলি ক'ব নোৱাৰি ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in