নাগালেণ্ডত পাঁচ হাজাৰ দৰ্শক বহিব পৰা সুবৃহৎ বাঁহৰ ষ্টেডিয়াম নিৰ্মাণ…

নাগালেণ্ডত পাঁচ হাজাৰ দৰ্শক বহিব পৰা সুবৃহৎ বাঁহৰ ষ্টেডিয়াম নিৰ্মাণ…

ডিজিটেল সংবাদ ৱাখাঃ নাগালেণ্ডৰ ৰাজধানী ক'হিমাৰ পৰা ৫২ কিলোমিটাৰ নিলগৰ ফেক জিলাৰ থিপুজু গাঁৱত নগা পৰম্পৰাগত মল্লযুঁজ খেলৰ বাবে প্ৰায় ৫ হাজাৰ দৰ্শক একেলগে বহি খেল উপভোগ কৰিব পৰা বাঁহৰ ইণ্ড'ৰ ষ্টেডিয়াম নিৰ্মাণ কৰি অভিলেখ সৃষ্টি কৰিছে গাওঁবাসীয়ে। বিগত ১৫ দিন ধৰি ৩০ গৰাকী শ্ৰমিক এই ২১০ ×২১০ বৰ্গ ফুটৰ বাঁহৰ বিশাল ষ্টেডিয়ামটো নিৰ্মাণ কৰি উলিয়াইছে ।

এই ইণ্ডোৰ ষ্টেডিয়াম নিৰ্মাণত ১০০০ ডাল বাঁহ , ৭ শ কেজি তাঁৰ , ৪৪১০০ ফুট সেউজীয়া তিৰ্পালৰ প্ৰয়োজন হৈছে । উল্লেখ্য যে যোৱা ২১ জানুৱাৰীৰ পৰা এই বিশাল বাঁহৰ ইণ্ড'ৰ ষ্টেডিয়ামত চুকুৰী এৰিয়া নগা পৰম্পৰাগত মল্লযুঁজ অনুষ্ঠিত হয় । এই মল্লযুঁজ প্ৰতিযোগিতাত ৯ খন নগা গাঁৱৰ ৩২ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in