শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

হত্যাকাৰীক কৰায়ত্ত কৰাত ব্যৰ্থ, নেইফিউ ৰিঅ’ৰ চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ জনতাই জ্বলালে উপায়ুক্তৰ বাহন…

2,636

ডিজিটেল সংবাদ, ৱাখাঃ ২২ মাৰ্চত নাগালেণ্ডৰ পেৰেন জিলাত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডত জৰিত দোষীক নেইফিউ ৰিঅ’ৱে চৰকাৰে গ্ৰেপ্তা কৰাত চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ প্ৰতিবাদত ইউনাইটেড জেলিয়াঙৰংগ য়ুথ ফেডাৰেচন আহ্বান জনোৱা অনিৰ্দিষ্টকালীন পেৰেন জিলা বন্ধত ব্যাপক হিংসাত্মক কাৰ্য সংঘটিত হয় । বন্ধৰ সময়ত উন্মত্ত প্ৰতিবাদী জনতাই জ্বলাই দিয়ে পেৰেন জিলাৰ অতিৰিক্ত উপায়ুক্তৰ এখন বাহন ।

জানিব পৰা মতে যোৱা ১৩ এপ্ৰিলত ইউনাইটেড জেলিয়াঙৰংগ য়ুথ ফেডাৰেচনে দোষীক গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰক বান্ধি দিছিল ১০ দিনৰ সময় সীমা। এই সময় সীমা উকলি যোৱাত ইউ জে ইউ এফে অনিদিষ্টকালীন পেৰেন জিলাৰ বন্ধ আহ্বান কৰিছিল । বন্ধ চলি থকাৰ মাজতে প্ৰতিবাদকাৰী নিয়ন্ত্ৰণ কৰিবলৈ উপস্থিত হৈছিল অতিৰিক্ত উপায়ুক্ত গৰাকী ।

তেনেতে শ শ প্ৰতিবাদকাৰীয়ে পেৰেন জিলাৰ অতিৰিক্ত উপায়ুক্তৰ গাড়ীত আক্ৰমণ কৰি পথৰ ওপৰত বগৰাই দিয়ে । লগে লগে আন একাংশ উন্মত্ত জনতাই বাহনখন অগ্নি সংযোগ কৰি জ্বলাই দিয়ে । ফলত জুলেইকে চহৰত হিংসাত্মক কাৰ্য বিয়পি পৰাত দণ্ডাধিশয়ে ১৪৪ ধাৰা বলৱৎ কৰি নৈশ সান্ধ্য আইন জাৰি কৰে ।

জুলেইকে আৰক্ষীয়ে শনিবাৰে অভিযান চলাই উপায়ুক্ত বাহনত অগ্নি সংযোগ কৰাৰ অভিযোগত ইউনাইটেড জেলিয়াঙৰংগ য়ুথ ফেডাৰেচন দহ গৰাকী নেতাক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে । উল্লেখযোগ্য যে যোৱা ২২ মাৰ্চত ডিমাপুৰ আৰু পেৰেন জিলাৰ সীমা কেন্দ্ৰীক বিবাদৰ বাবে কোনো অজ্ঞাত দুস্কৃতিকাৰীয়ে লামিনাডী গাঁৱৰ তিনিজন লোকক গুলীয়াই হত্যা কৰিছিল ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি