নাগালেণ্ডৰ এন পি এফৰ ৰাজ্যসভাৰ সাংসদ কে জি কেনীক দলৰ পৰা বহিষ্কাৰ…

নাগালেণ্ডৰ এন পি এফৰ ৰাজ্যসভাৰ সাংসদ কে জি কেনীক দলৰ পৰা বহিষ্কাৰ…

ডিজিটেল সংবাদ, ৱাখাঃ নগা পিপলছ ফ্ৰণ্টৰ ৰাজ্যসভাৰ একমাত্ৰ সাংসদ কে জি কেনীক দলৰ বিপৰীতে গৈ নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ সপক্ষে ভোটদান কৰা বাবে অৱশেষত বুধবাৰে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে । বুধবাৰে নগা পিপলছ ফ্ৰণ্টৰ সভাপতি ছুৰজেলি লিজিৎছুৱে সাংসদ কেনীক ছয় বছৰ বাবে দলৰ সক্ৰিয় আৰু প্ৰাথমিক সদস্যৰ পৰা নিলম্বন কৰাৰ কথা সদৰী কৰিছে ।

সভাপতি লিজিৎছুৰ মতে ৰাজ্যসভাত 'কা'ৰ সপক্ষে ভোটদান কৰাটো কে জি কনীৰ ব্যক্তিগত কাৰণ হ'ব পাৰে, কিন্তু ই নাগা পিপলছ ফ্ৰণ্টৰ দলীয় স্থিতি আৰু আদৰ্শক প্ৰতিনিধিত্ব নকৰে। তেওঁ দলৰ মতৰ বিপৰীতে গৈ দলৰ অনুশাসন ভংগ কৰা অপৰাধ বাবে কেনীক এনেদৰে বুধবাৰে দলৰ পৰা বহিষ্কাৰ কৰে।

উল্লেখযোগ্য যে, কিছুদিনৰ পূৰ্বে 'কা'ৰ সপক্ষে ভোটদান কৰা তথ্য পোহৰলৈ অহাৰ পিছত কেনীলৈ কাৰণ দৰ্শোৱা জাননী জাৰি কৰা হৈছিল লগে লগে তেওঁ এন পি এফৰ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in