নাগালেণ্ডত বিৰোধীহীন চৰকাৰ…

নাগালেণ্ডত বিৰোধীহীন চৰকাৰ…

ডিজিটেল সংবাদ বেকাজানঃ নাগালেণ্ডত এতিয়া বিৰোধীহীন চৰকাৰ । নগা ৰাজনৈতিক সমস্যা সমাধানৰ বাবেই এইবাৰ একত্ৰিত হ'ল নেইফিউ ৰিঅৰ শাসনাধিস্থ এন ডি পি পি , ভাৰতীয় জনতা পাৰ্টী, মিত্ৰজোঁট আৰু বিৰোধী নিৰ্দলীয় বিধায়ক আৰু টি আৰ জেলিয়াঙ নেতৃত্বতৰ নাগা পিপলছ ফ্ৰণ্ট । শনিবাৰে ৰাজধানী ক'হিমাৰ ৰাজ্যিক বাংকুইট হলত আয়োজিত এক বৈঠকত আটাইকেইটা শাসক-বিৰোধী ৰাজনৈতিক দল মিলিত পূৰ্বৰ পি ডি এৰ মিত্ৰজোঁটৰ নাম সলনি কৰি সৰ্বসন্মত ক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰি ইউনাইটেড ডেমক্ৰেটিক এলায়েন্স গঠন কৰে ।

শনিবাৰে এই সভাত এন ডি পি পিৰ মুৰব্বী নেইফিউ ৰিঅ , বিজেপিৰ নেতা ৱাই পেট্টন আৰু নাগা পিপলছ ফ্ৰণ্ট নেতা টি আৰ জেলিয়াঙ উপস্থিত থাকি যৌথ চুক্তিত স্বাক্ষৰ কৰে । উল্লেখযোগ্য যে অহা নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বেই সাতদশকজোৰা নগা ৰাজনৈতিক সমস্যাৰ সমাধান বাবে নাগা পিপলছ ফ্ৰণ্টে এইদৰে বিৰোধী পক্ষ এৰি শাসকীয় মিত্ৰজোঁট এনেদৰে চামিল হৈছে । এই ৰাজনৈতিক ঘটনাৰ পাছত নাগালেণ্ড এতিয়া সম্পূৰ্ণ বিৰোধীহীন হৈ পৰিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in