নাগালেণ্ডৰ তিনি বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে যুদ্ধ বিৰতি ম্যাদ বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ…

নাগালেণ্ডৰ তিনি বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে যুদ্ধ বিৰতি ম্যাদ বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ…

ডিজিটেল সংবাদ ,ৱাখাঃ নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন এন এছ চি এনৰ তিনিটা গোটৰ সৈতে থকা কেন্দ্ৰীয় চৰকাৰে যুদ্ধ বিৰতি চুক্তিৰ ম্যাদ এবছৰ লৈ বৃদ্ধি কৰিছে । নতুন দিল্লীত গৃহমন্ত্ৰ্যালৰ বিয়ষা আৰু তিনিওটা বিদ্ৰোহী গোটৰ মাজত ম্যাদ বৃদ্ধিৰ চুক্তি স্বাক্ষৰিত হয় ।

সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালৰ প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰত চৰকাৰে এন এছ চি এন ৰিফাৰমেচন গোট ,খাংগো কন্যাক গোট আৰু ন্যামলাঙ কন্যাক গোটৰ সৈতে থকা যুদ্ধ বিৰতিৰ চুক্তিৰ ম্যাদ ২০২১ চনৰ১৮ এপ্ৰিলৰ পৰা ২০২২ চনৰ ১৭ এপ্ৰিল লৈ বৃদ্ধি কৰা হৈছে ।

উল্লেখযোগ্য যে বৰ্তমান নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ বাবে ভাৰত চৰকাৰৰ সৈতে চলি থকা আলোচনাৰ অধিক তৰান্বিত কৰা তথা নাগালেণ্ডলৈ শান্তি পৰিবেশ ঘুৰাই অনাৰ বাবে এনেদৰে পুনৰ এবছৰ লৈ তিনিটা গোটৰ সৈতে স্বাক্ষৰিত যুদ্ধ বিৰতিৰ চুক্তি বৃদ্ধি কৰা হৈছে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in