নগা কেতিয়াও ভাৰতৰ সৈতে চামিল নহয়, নামানে ভাৰতীয় সংবিধান…

নগা কেতিয়াও ভাৰতৰ সৈতে চামিল নহয়, নামানে ভাৰতীয় সংবিধান…

ডিজিটেল সংবাদ, ৱাখাঃ ভাৰত চৰকাৰৰ সৈতে চলি থকা দীৰ্ঘ নগা শান্তি আলোচনাৰ সমাধানৰ অন্তিম পৰ্যায়ত উপনিত হ'বলৈ গৈ থকাৰ মুহূৰ্তত নগালিমৰ সুকীয়া পতাকা আৰু সংবিধানৰ দাবীত পুনৰ যুযুৎধান স্থিতি গ্ৰহণ কৰিছে এন এছ চি এন ইশ্বাক- মুইভা গোটৰ মুৰব্বী ৮৬ বছৰীয়া থুইংগালেঙ মুইভাই । শুক্ৰবাৰে দেশৰ আগশাৰীৰ অনলাইন নিউজ পৰ্টেল দা ৱাৰাক দিয়া এক বিস্ফোৰক সাক্ষাৎকাৰত মুইভাই নগাসকলে ভাৰত যুক্তৰাষ্ট্ৰৰ সৈতে কেতিয়াও চামিল নহয় আৰু ভাৰতীয় সংবিধান মানি নলয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

থুইংগালেঙ মুইভাৰ এনে সংবেদনশীল মন্তব্যই সম্প্ৰতি ভাৰতৰ চৰকাৰ আৰু এন এছ চি এনৰ মাজত চলি থকা শান্তি আলোচনাৰ যে মতপাৰ্থক্য আৰু দূৰত্ব বৃদ্ধি পাইছে তাকে উন্মোচিত কৰিছে । আনহাতে মুইভাৰ এনে কঠোৰ মন্তব্যই নগা শান্তি আলোচনাত প্ৰভাৱিত কৰাৰ লগতে ভাৰত চৰকাৰক সমস্যাত পলোৱাৰ সম্ভাৱনা আছে । এন এ চি এনৰ মুৰব্বী গৰাকীয়ে ভাৰতৰ চৰকাৰৰ প্ৰতি কঠোৰ স্থিতি প্ৰকাশ কৰি কয় যে নগাসকল কোনোদিন ভাৰতৰ অংগ নাছিল আৰু ভৱিষ্যতও ভাৰতৰ সৈতে চামিল নহয় । সেয়ে নগাসকলে ভাৰতীয় সংবিধান স্বীকাৰ নকৰে । থুইংগালেঙ মুইভাৰ মতে বৰ্তমান চলি থকা দুই আলোচ্য বিষয় অদ্যপি মীমাংসা হোৱা নাই ।

নগাৰ সুকীয়া পতাকা আৰু সংবিধানৰ দাবীত অন্তিমজন নগা জীয়াই থকালৈকে থিয় হৈ থাকিব । মুইভা কয় যে নগা নেচনেল পলিটিকেল গ্ৰুপ ডব্লিউ চি কে ধৰি কেতবোৰ সংগঠন আৰু নাগৰিক সমাজে সুকীয়া পতাকা আৰু সংবিধান দাবী কৰা নাই । তেওঁলোকক প্ৰকৃততে জাতিদ্ৰোহী তথা বেপাৰী । প্ৰায় ৫৭ মিনিট জোৰা সাক্ষাৎকাৰত এন এছ চি এনৰ মুৰব্বী গৰাকীয়ে নগা শান্তি আলোচনাৰ ভাৰত চৰকাৰৰ মধ্যস্ততাকাৰী তথা নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিৰ শেহতীয়া ভূমিকাত অসন্তুষ্ট প্ৰকাশ কৰি কয় — গৃহমন্ত্ৰ্যালয়ৰ নিৰ্দেশত তেওঁ আমাৰ সৈতে ছলনা তথা প্ৰতাৰণা কৰিলে । যদি ভাৰত চৰকাৰে এন এছ চি এন আই এমৰ সুকীয়া পতাকা আৰু সংবিধানৰ দাবীৰ চৰ্ত নামানে তেতিয়া তেওঁ লোক পুনৰ ১৯৯৭ চনৰ যুদ্ধ বিৰতিৰ পূৰ্বৰ স্থিতি লৈ ঘূৰি যাব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মুইভাই কয় সেই প্ৰশ্ন মোক সোধাতকৈ ভাৰত চৰকাৰক সোধা আৱশ্যক ।

তেওঁ আৰু কয় ঐতিহাসিকভাৱে নগাসকল ভাৰতৰ শাসনৰ কেতিয়াও অধীন নাছিল । তেওঁ যুক্তি প্ৰদৰ্শন কৰে যে নগাসকলৰ অতুলনীয় আৰু অদ্বিতীয় ইতিহাসৰ পৰিচয় আছে সেয়ে নগা সমস্যাৰ সমাধানো অতুলনীয় হব লাগে । সুকীয়া পতাকা আৰু সংবিধানৰ অবিহনে নগা ৰাজনৈতিক সমস্যাৰ সমাধান সম্ভৱ নহয় । থুইংগালেঙ মুইভাই কয় ভাৰত চৰকাৰে সংবিধানৰ ৩৭০ অনুচ্ছেদটো প্ৰত্যাহাৰ কৰি কাশ্মীৰৰ দৰে নাগালেণ্ডৰ বিষয়টো একে কৰিলে তাক স্বীকাৰ কৰা নহ'ব । নগাসকলৰ অতুলনীয় ইতিহাস পৰিচয়ৰ অৰ্থই হৈছে অদ্বিতীয় সমাধান । মুইভাৰ মতে এন এছ চি এনে ভাৰত চৰকাৰৰ সৈতে কৰা বহু বাৰ আলোচনাত দুটা পৃথক সংস্থা হিচাবে পৃথক পৃথক ৰাষ্ট্ৰত শান্তি আলোচনা কৰিছে ।

এন এছ চি এনৰ মুৰব্বী গৰাকীয়ে কেৱল সুকীয়া পতাকা আৰু সংবিধানৰ দাবী সন্দৰ্ভতে নহয় নাগালিমৰ বৰ্তমানৰ ভৌগোলিক পৰিসীমাৰ সন্দৰ্ভটো কেতবোৰ বিস্ফোৰক মন্তব্য কৰে । মুইভাই উত্তৰ পূৰ্বাঞ্চলৰ নগা অধ্যুষিত এলেকাক নাগালেণ্ডৰ সৈতে চামিল কৰাৰ দাবী উত্থাপন কৰি কয় এয়া এন এছ চি এনৰ গ্ৰেটাৰ নাগালিমৰ অংশ । তেওঁ কয় যে আৰ এন ৰবিয়ে নগা সমস্যাৰ সমাধানৰ বাবে প্ৰস্তাৱিত কৰা পান নগা হোহোৰ পৰিৰ্ৱতে সাংস্কৃতিক সংস্থা , মণিপুৰ অৰুণাচল প্ৰদেশৰ নগা বসতি অঞ্চলকলৈ সংবিধানৰ ষষ্ঠ অনুসূচিৰ অধীনত আঞ্চলিক স্বায়ত্ত পৰিষদৰ এন এছ চি এনৰ স্বীকাৰ্য হলেও সকলো নগাক এটা প্ৰশাসনিক ছাতিৰ তললৈ অনাটোহে মূল লক্ষ্য ।

কিন্তু আৰ এন ৰবিয়ে এন এছ চি এনৰ বিশ্বাস ভংগ কৰিছে । ৰবিৰ এনে দুতলীয়া স্থিতিৰ অৱগত কৰিবৰ বাবে মুইভাই যোৱা ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰি পৰৱৰ্তী আলোচনা প্ৰধানমন্ত্ৰী পৰ্যায়ত চৰ্তহীন আৰু তৃতীয় ৰাষ্ট্ৰত অনুষ্ঠিত কৰিবলৈ আহবান জনাইছিল । কিন্তু মুইভাৰ পত্ৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে পালে নে নাপালে তাৰ কোনো আনুষ্ঠানিক উত্তৰ আজিলৈকে নাপালে । মুইভা কয় যে নগা সমস্যা সমাধানৰ বাবে এন এছ চি এনে এতিয়াও ধৰ্য্যৰে অপেক্ষা কৰি আছে ।

বিগত ২৩ বছৰ ধৰি চলা আলোচনাত ভাৰত চৰকাৰৰ সৈতে বহু বিষয়ত কেইবাখনো চুক্তি স্বাক্ষৰ হল কিন্তু বৰ্তমান চূড়ান্ত চুক্তিৰ ক্ষেত্ৰত আৰ এন ৰবি পিছ হোহোকা পৰিলক্ষিত হৈছে । মুইভাৰ মতে নগা সমস্যাৰ সমাধান আলোচনাৰ বাবে তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক সাক্ষাৎ কৰিছিল যদিও তেওঁ অসৌজন্যতা প্ৰদৰ্শন কৰি নগাৰ অতুলনীয় আৰু অদ্বিতীয় ইতিহাসক মানিবলৈ অস্বীকাৰ কৰিলে। আৰু বৰ্তমান নৰেন্দ্ৰ মোদী চৰকাৰেও একে পথত আছে । উল্লেখযোগ্য যে এন এছ চি এনৰ প্ৰধান থুইংগালেঙ মুইভাৰ কঠোৰ স্থিতিৰ পিছত পৰৱৰ্তী নগা শান্তি আলোচনাত কি প্ৰভাৱ পেলায় সেয়া লক্ষনীয় হ'ব

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in