অটিঙৰ নৰসংহাৰৰ ঘটনাৰ তদন্তৰ বাবে মেজৰ জেনেৰেলৰ তত্বাৱধানত সেনাৰ তদন্তকাৰী দল উপস্থিত…

অটিঙৰ নৰসংহাৰৰ ঘটনাৰ তদন্তৰ বাবে মেজৰ জেনেৰেলৰ তত্বাৱধানত সেনাৰ তদন্তকাৰী দল উপস্থিত…

ডিজিটেল সংবাদ, ৱাখাঃ যোৱা ৪ আৰু ৫ ডিচেম্বৰত নাগালেণ্ডৰ ম'ন জিলাৰ অটিঙত সেনাৰ ভুৱা এম্বুশত ১৪ গৰাকীকৈ নিৰীহ নাগৰিকে প্ৰাণৰ হেৰুওৱা ঘটনাৰ তদন্ত বাবে সেনাৰ বিশেষ তদন্তকাৰী দল বুধবাৰলৈ মন জিলাৰ টিজিত আৰক্ষী থানাত উপস্থিত হ'ব। ক'হিমাত মঙলবাৰে প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি সেনাৰ এগৰাকী মেজৰ জেনেৰেল নেতৃত্বত সেনাৰ তদন্তকাৰী দলটো সোমবাৰেই আহি ক'হিমাত উপস্থিত হৈছে । দলটোৱে কাইলৈ পুৱা টিজিত থানাত উপস্থিত হৈ যোৱা ৪ আৰু ৫ ডিচেম্বৰত সেনাৰ গুলীবৰ্ষণৰ সন্দৰ্ভত গাওঁবাসীৰ হাতত থকা প্ৰথম পক্ষৰ প্ৰাথমিক সাক্ষ্য তথ্য প্ৰমাণ সংগ্ৰহ কৰিব।

ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে তেওঁলোকৰ হাতত থকা ভিডিঅ, ফটো আদি তথ্য টিজিত থানাত জমা দিব পাৰিব। তথ্য-প্ৰমাণ দিয়া লোকৰ পৰিচয় সম্পূৰ্ণ গোপনে ৰখা হ'ব বুলি তদন্তকাৰী দলটোৱে জানিবলৈ দিছে। তদুপৰি তদন্তকাৰী দলটোৱে ঘটনাস্থলিত পৰিদৰ্শন কৰি এম্বুশৰ সবিশেষ তথ্য সংগ্ৰহ কৰিব । ইফালে, সেনাই নাগালেণ্ডবাসীক এই বুলি আশ্বাস প্ৰদান কৰিছে যে অটিঙৰ ঘটনাৰ তদন্ত সম্পূৰ্ণ স্বচ্ছ আৰু দক্ষতাৰে আগবাঢ়িব । ঘটনাৰ সৈতে জড়িত সেনাৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তদুপৰি ৰাজ্য চৰকাৰে গঠন কৰা এছ আই টিৰ অনুসন্ধান আৰু তদন্তত সেনাই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব ।

জানিব পৰা মতে, ২৩ ডিচেম্বৰৰ নতুন দিল্লীত হোৱা বৈঠকৰ পিছতে গৃহমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে অটিঙ ঘটনাৰ নিৰেপক্ষ আৰু স্বচ্ছ তদন্ত বাবে ইতিমধ্যে ৪ ডিচেম্বৰৰ এম্বুশৰ সৈতে জড়িত সেনাৰ ২১নং পেৰা কমাণ্ডোৰ ইউনিটটোক তৎকালীনভাৱে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। ইফালে, ভাৰতীয় জাতীয় কংগ্ৰেছে অটিঙৰ ঘটনাত নিহত পৰিয়াললৈ ১ কোটি টকাকৈ ক্ষতিপূৰণ দাবী কৰিছে। অল ইণ্ডিয়া কংগ্ৰেছৰ নাগালেণ্ডৰ তত্ববধায়ক অজয় কুমাৰে নিৰীহ নাগৰিকৰ ওপৰত সেনাৰ এই অভিযানক সমালোচনা কৰি পীড়িত পৰিয়ালৰ বাবে এক কোটি টকাকৈ আৰু আহতসকলৰ বাবে ১০ লাখ টকাকৈ ক্ষতিপূৰণ দাবী কৰে।

তেওঁ তদন্তৰ বাবে গঠন কৰা এছ আই টিত এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়ধীশৰ অধ্যক্ষতাত ন্যায় আয়োগ গঠন কৰিবলৈ দাবী জনায়। অজয় কুমাৰে কয়- নাগালেণ্ডৰ পৰা আফস্পা বাতিলৰ বাবে নিৰীক্ষণ সমিতি গঠন কৰা অৰ্থ নাই। ই পোনপটীয়াকৈ বাতিল হ'ব লাগে । তেওঁ এন এছ চি এনৰ সৈতে কেন্দ্ৰীয় চৰকাৰ , মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' আৰু হিমন্ত বিশ্ব শৰ্মাৰ যুদ্ধ বিৰতি আৰু নগা শান্তি আলোচনাৰ কাৰ্যকৰী কৰাত বিলম্ব হোৱা বাবে এনে সংঘটিত হোৱা বুলি অভিযোগ কৰে। কংগ্ৰেছৰ নেতা গৰাকীয়ে অটিঙৰ নৰসংহাৰৰ ঘটনাৰ তদন্তৰ এক স্বাধীন স্বচ্ছ তদন্ত আয়োগ প্ৰয়োজন বুলি কয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in