মৰিয়নীৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল সমীপত থকা নাগালেণ্ডৰ গাওঁ হেলিকেপ্টাৰে পৰিদৰ্শন উপমুখ্যমন্ত্ৰীৰ…

মৰিয়নীৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল সমীপত থকা নাগালেণ্ডৰ গাওঁ হেলিকেপ্টাৰে পৰিদৰ্শন উপমুখ্যমন্ত্ৰীৰ…

ডিজিটেল সংবাদ, ৱাখাঃ অসম-মিজোৰামৰ মাজত লাইলাপুৰত সীমাক কেন্দ্ৰ কৰি শেহতীয়াকৈ উদ্ভৱ হোৱা ৰক্তাক্ত সংঘৰ্ষৰ পিছত অসম আৰু নাগালেণ্ডৰ মৰিয়নী দিছৈভেলী সংৰক্ষিত বনাঞ্চলটো অনুৰূপ ঘটনা সংঘটিত হোৱাৰ শংকা প্ৰকাশ কৰি নাগালেণ্ড চৰকাৰ বিশেষভাৱে তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে । বিগত কেউটা দিনত অসম – নাগালেণ্ড সীমান্তৰ বি, চি, ডি আৰু ই চেক্টৰৰ ওপৰিও বিশেষকৈ মোকচাঙৰ আৰক্ষী প্ৰশাসনে মৰিয়নীৰ দিছৈভেলী নিজৰ মোতায়েন কৰা নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলাৰ লগতে সীমান্ত দুয়োখন ৰাজ্যৰ মাজত উদ্ভৱ হ'ব পৰা পৰিস্থিতি এৰাই চলিব বাবে যোৰহাট জিলা আৰক্ষীৰ অধীক্ষক সৈতে সংঘন যোগযোগ আৰু আলোচনা অব্যাহত ৰখা বুলি মোককচাঙৰ এছ পি বিশাল চৌহানে সংবাদ মাধ্যমত প্ৰকাশ কৰিছে ।

যোৰহাট আৰু মোককচাঙ আৰক্ষীৰ মাজত চলি থকা এনে যোগাযোগৰ মাজতে শুকুৰবাৰে নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী য়ানথাংগু পেট্টনে মৰিয়নী সীমান্তৰ দিছৈভেলী সংৰক্ষিত বনাঞ্চল লাগি থকা মোককচাঙ জিলাৰ ছুৰংকংগ ৰেঞ্জৰ আওছেদেন ভিকাটো আৰু ভিহটো গাঁৱ কেইখন আকাশ মাৰ্গৰ পৰা হেলিকেপ্টাৰে পৰিদৰ্শন কৰি চৰজমিন পৰিস্থিতি বুজ লয় । ৱাই পেট্টনে শেহতীয়াকৈ সীমান্ততৰ বিবদমান এলেকাত অসম আৰক্ষীৰ কাৰ্যকলাপ পৰ্যবেক্ষণ কৰে ।

ইয়াৰ পিছত ছুনটিয়ায়িচেন কাউন্সিল হলত আও জনগোষ্ঠীৰ সংগঠন আওছেদেন , তছুৰাংকঙ নাগা য়ুথ অৰগেনাইজেচন , নৰ্দান চুমী অৰগেনাইজেচন সৈতে এখন বৈঠকত মিলিত হয় । সভাত ৱাই পেট্টনে কয় যে নাগালেণ্ডৰ আৰক্ষী তেতিয়ালৈকে আঁতৰি নাযায় যেতিয়ালৈ অসম আৰক্ষীয়ে বিবদমান এলেকাৰ পৰা তেওঁলোক শিবিৰ আঁতৰি নিনিয়ে । তেওঁ কয় যোৱাবাৰ সীমান্তৰ পৰা আৰক্ষী আঁতৰাই নিবলৈ দুয়োখন চৰকাৰে সন্মতি হৈছিল যদিও অসম চৰকাৰে পুনৰ একে ঘটনাই পুনৰাবৃত্তি কৰি তাৰ সংখ্যা বৃদ্ধি কৰে । কিন্তু নাগালেণ্ডে এইবাৰ নিজৰ আৰক্ষী আঁতৰাই নি সেই ভুল নকৰে ।

সেয়ে নাগালেণ্ড চৰকাৰে সীমা সমস্যাটো অতি গভীৰভাৱে লৈছে যাতে উচ্চতম ন্যায়ালয়ত সঠিক ৰূপত উপস্থাপন কৰিব পাৰে । তেওঁ সীমান্তত শান্তি শৃংখলা অটুট ৰখাৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে । ৱাই পেট্টনে সীমান্তৰ নগা জনসাধাৰণক আশ্বাস দিয়ে যে সীমা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আমি আমাৰ আইনীগত ভাৱে ৰক্ষা কৰিম ।

উল্লেখযোগ্য যে শুকুৰবাৰে বৈঠকত নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান টি জন লংকুমাৰ , আয়ুক্ত , আই, জি পি মোককচাঙৰ জিলা উপায়ুক্ত আৰু এছপি বিশাল চৌহান উপস্থিত থাকে । ইফালে অসম চৰকাৰে সংবিধানিক সীমা সন্দৰ্ভত কোনো ধৰণৰ আপোচ নকৰে বুলি ঘোষণা কৰা পিছত শেহতীয়াকৈ নাগালেণ্ড চৰকাৰে সংগোপনে মেৰাপানী ভেলৌগুৰি , ইম্পাঙ , চাংপাঙ আৰু ভিকাটো অঞ্চলত নগা আৰক্ষীক সতৰ্ক আৰু সষ্টম কৰি তোলাৰ খবৰ আহিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in