নাগালেণ্ডত এসপ্তাহ লকডাউন ঘোষণা নেইফিউ ৰিঅৰ চৰকাৰৰ…

নাগালেণ্ডত এসপ্তাহ লকডাউন ঘোষণা নেইফিউ ৰিঅৰ চৰকাৰৰ…

ডিজিটেল সংবাদ,বেকাজান : কোভিডৰ ভয়ংকৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নাগালেণ্ডত মংগলবাৰে অহা ১৩ মেৰ পৰা অহা ২০ মেলৈ সমগ্ৰ নাগালেণ্ড ৰাজ্যত এক সপ্তাহজোৰা লকডাউন ঘোষণা কৰিছে । মংগলবাৰে ৰাজধানী ক'হিমাত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৰ বাসগৃহত অনুষ্ঠিত এক জৰুৰী বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

এই লকডাউন ১৩ মেৰ পুৱা ৭ বজাৰ পৰা ২০ মেলৈ বলৱৎ থাকিব । ইফালে ভয়ংকৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চুমী হোহোৱে ৰাজ্যত দহদিন বাবে লকডাউন আহবান জনাইছিল । উল্লেখযোগ্য যে আজি দিনটোত নাগালেণ্ডত কোভিড আক্ৰান্তৰ আক্ৰান্ত সংখ্যা শতাধিক ঘৰ পাৰ হোৱাত ৰিঅৰ চৰকাৰে এই সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in