শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

বিৰোধী শূন্য হোৱাৰ দিশে নাগালেণ্ড বিধানসভা..

ডিজিটেল সংবাদ ৱাখাঃ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ বিধানসভা পুনৰ বিৰোধীহীন হ’ল । এক নাটকীয় ৰাজনৈতিক ঘটনাক্ৰম অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙ নেতৃত্বৰ নাগালেণ্ডৰ প্ৰধান বিৰোধী দল নাগা পিপলছ ফ্ৰণ্টে শাসনাধিস্থত এন ডি পি পি আৰু বিজেপিৰ মিত্ৰজোঁটৰ পিপলছ ডেমক্ৰেটিক এলায়েন্সত চামিল হোৱাৰ সিদ্ধান্ত লৈছে ।

ক্লিক কৰি পঢ়কঃ নিউ মেক্সিকোত নগামূলৰ চিকিৎসকৰ নামত দিৱস উদযাপনঃ কোভিডৰ সংক্ৰমণ প্ৰতিহত কৰাত লৈছে বিশেষ ভূমিকা

সোমবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙৰ ডিমাপুৰৰ বাসভৱন অনুষ্ঠিত দলৰ এক গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে । এন পি এফৰ বিধায়ক ইমকঙ এল ইমছনে সদৰী কৰামতে আজি দলৰ অন্য নেতাৰ সৈতে এন ডি ডি পিৰ নেতা তথা মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ক অৱগত কৰি এন পি এফৰ এই সিদ্ধান্ত আনুষ্ঠানিকভাৱে অৱগত কৰিব । অৱশ্যে শাসনাধিস্থত পিপলছ ডেমক্ৰেটিক এলায়েন্সৰ এন পি এফে চামিল হলেও এন ডি ডি পিত বিলয় নহয় বুলি স্পষ্ট কৰি দিছে ।

নাগা পিপলছ ফ্ৰণ্টে শাসনাধিস্থতপিপলছ ডেমক্ৰেটিক এলায়েন্সত চামিল হোৱাৰ সন্দৰ্ভত কয় যে বৰ্তমান ভাৰত চৰকাৰৰ সৈতে এন এছ চি এন আই এমৰ চলি থকা নগা ৰাজনৈতিক সমস্যাটোৰ সমাধান সুবিধাৰ বাবে এনেদৰে একত্ৰিত হোৱাৰ সিদ্ধান্ত লৈছে । ইফালে নাগা পিপলছ ফ্ৰণ্টে পিপলছ ডেমক্ৰেটিক এলায়েন্সৰ মিত্ৰজোঁটত চামিল হোৱাৰ বিষয়ত এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । উল্লেখযোগ্য যে ৬০ জনীয়া নাগালেণ্ড বিধানসভা বৰ্তমান পিপলছ ডেমক্ৰেটিক এলায়েন্স মিত্ৰজোঁটৰ ৩৪ গৰাকী বিধায়ক আছে আনহাতে বিৰোধী দল নাগা পিপলছ ফ্ৰণ্টৰ ২৫ গৰাকী বিধায়ক আছে ।মঙ্গলবাৰে যদি পিপলছ ডেমক্ৰেটিক এলায়েন্সত মিত্ৰজোঁটত ২৫ গৰাকী বিধায়কে যোগদান কৰে তেতিয়া নাগালেণ্ড বিধানসভা বিৰোধীহীন হৈ পৰিব ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি