গৃহ মন্ত্ৰীৰ ইচ্ছা স্বাধীনতা দিৱসৰ পূৰ্বে সমাধান হওক উত্তৰ পূবৰ ৰাজ্যসমূহৰ সীমা সমস্যাঃ অসম-নাগালেণ্ড সীমা সমস্যাক লৈ নেইফিও ৰিঅ’ৰ গুৰুত্বপূৰ্ণ মন্তব্য

গৃহ মন্ত্ৰীৰ ইচ্ছা স্বাধীনতা দিৱসৰ পূৰ্বে সমাধান হওক উত্তৰ পূবৰ ৰাজ্যসমূহৰ সীমা সমস্যাঃ  অসম-নাগালেণ্ড সীমা সমস্যাক লৈ নেইফিও ৰিঅ’ৰ গুৰুত্বপূৰ্ণ মন্তব্য


ডিজিটেল সংবাদ ৱাখাঃ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৱে মঙ্গলবাৰে ৰাজ্যৰ বিধানসভাত অসমৰ সৈতে থকা সীমা বিবাদ কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰ্যালয়ৰ সহযোগত সমাধান কৰা হ'ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে । উল্লেখযোগ্য যে নাগালেণ্ড বিধানসভাৰ বৰ্ষাকালিন অধিবেশনত নাগা পিপলছ ফ্ৰণ্টৰ বিধায়কে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৱে কয়, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ইচ্ছা যে ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ পূৰ্বে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সীমা বিবাদ নিস্পত্তি হোৱাতো ।

ৰিঅ'ৱে পুনৰ কয় যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেওঁ অসম নাগালেণ্ডৰ মাজৰ বিবদমান অঞ্চলত শান্তি শৃংখলা বজাই ৰখাত সন্দৰ্ভত আলোচনা কৰিছে । অসম আৰু নাগালেণ্ডৰ ৫১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্ত:ৰাজ্যিক সীমা সমস্যাটো কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয় সহযোগত সমাধান কৰা হ'ব বুলি গুৰুত্বপূৰ্ণ ঘোষণা কৰে । ৰিঅৱে কয় মৰিয়নীৰ দিছৈভেলী বিবদমান অঞ্চলৰ পৰা ১আগষ্টৰ পৰা অসম আৰু নাগালেণ্ডে নিজৰ নিজৰ আৰক্ষী আঁতৰাই নিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in