অটিঙত সেনাৰ গণহত্যা ঘটনাৰ নাগালেণ্ড চৰকাৰৰ এছ আই টিৰ তদন্ত সম্পূৰ্ণ…

অটিঙত সেনাৰ গণহত্যা ঘটনাৰ নাগালেণ্ড চৰকাৰৰ এছ আই টিৰ তদন্ত সম্পূৰ্ণ…


ডিজিটেল সংবাদ বেকাজানঃ ৪ ডিচেম্বৰৰ নাগালেণ্ডৰ ম'ন জিলাৰ অটিঙত ১৪ গৰাকী নিৰীহ নাগৰিকক সেনাই নৃশংসভাৱে হত্যা কৰা ঘটনাৰ তদন্তৰ বাবে নাগালেণ্ড চৰকাৰে গঠন কৰা এছ আই টিয়ে তেওঁলোকৰ তদন্ত সম্পূৰ্ণ কৰিছে । বুধবাৰে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৱে ক'হিমাত এক সংবাদমেলত এই কথা প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৱে কয় যে অটিঙ গণহত্যাৰ তদন্ত এছ আই টিয়ে ইতিমধ্যে সম্পূৰ্ণ কৰিছে । এতিয়া মাত্ৰ ফৰেন্সিক পৰীক্ষাগাৰৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰিছে । ৰিঅ'ৱে কয় অটিঙৰ ঘটনাৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ ক্ষেত্ৰত কিছু আইনগত দিশৰ কথা আছে ।

অৱশ্যে অটিঙত সংঘটিত গণহত্যাৰ সৈতে জড়িত সেনাৰ দলটোক নিলম্বন কৰা, নিহত ভুক্তভোগী পৰিয়াল আৰু আহতসকল উপযুক্ত ক্ষতিপূৰণ দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰ্যালয়ক অৱগত কৰাব । নাগালেণ্ডৰ পৰা আফস্পা আইন সম্পূৰ্ণকৈ বাতিল কৰাৰ সন্দৰ্ভত নেইফিউ ৰিঅ'ৱে কয় যে ৰাজ্য চৰকাৰে বিধানসভাত বিশেষ অধিবেশনৰ জৰিয়তে প্ৰস্তাব অনুমোদন কৰি কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে ।

কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে পৰামৰ্শ সমিতি গঠন কৰি দিছে । সমিতিৰ নিৰ্দেশনা অনুসৰি চৰকাৰে অঞ্চল বিশেষ আফস্পা প্ৰত্যাহাৰ কৰিব । তেওঁ কয় সংসদত আফস্পা আইন বাতিল কৰা এক দীঘলীয়া প্ৰক্ৰিয়া । উল্লেখযোগ্য যোৱা ১০ জানুৱাৰীত আফস্পা বাতিলৰ দাবীত ডিমাপুৰৰ পৰা ক'হিমালৈ মৌন পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতেই নাগালেণ্ডত পুনৰ জনতাৰ গৰ্জন আৰম্ভ হৈছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in