শেহতীয়া খবৰ
ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...

নাগালেণ্ডত ন্যায়ালয়ৰ ভৱন নিৰ্মাণতো কেলেংকাৰী, গড়কাপ্টানি বিভাগৰ ৪ গৰাকী অভিযন্তাৰ বিৰুদ্ধে চি বি আইৰ গোচৰ ৰুজু…

197

ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ডৰ ২২ কোটি টকীয়া উচ্চ ন্যায়ালয়ৰ ভৱন নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়মত সংঘটিত হোৱা বিষয়টোত কেন্দ্ৰীয় অনুসন্ধান সংস্থা চি বি আইয়ে নাগালেণ্ডৰ গড়কাপ্টনি বিভাগৰ চাৰি গৰাকী অভিযন্তাৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিছে ।

উল্লেখযোগ্য যে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে ২০০৭ চনত ৰাজধানী ক’হিমাৰ মেৰেইমাত ক’হিমাৰ উচ্চ ন্যায়ালয়ৰ ভৱন নিৰ্মাণ পুঁজিৰ অপব্যৱহাৰ সন্দৰ্ভত নাগালেণ্ডৰ গড়কাপ্টানি বিভাগৰ অন্য ১৪ গৰাকী বিষয়া – ঠিকাদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । চি বি আই গোচৰ ৰুজু কৰা বিষয়াগৰাকী হৈছে গৃহ নিৰ্মাণ বিভাগৰ অভিযন্তা কে নিকাটো অছুমী , বিদ্যুত বিভাগৰ অভিযন্তা কেলেছুট পেইনুউ , কাৰ্যবাহী অভিযন্তা টনঝুক আও , এছ ডি অ নিয়াম কাথ , য়াপাঙ জমিৰ ।

এইসকল বিষয়াই একাংশ ঠিকাদাৰৰ সৈতে মিলি ভুৱা বিলেৰে প্ৰায় ৩ কোটি ৬১ লাখ টকাৰ লুণ্ঠন চলায় । উল্লেখযোগ্য যে ২০১৭ চনৰ ১২ চেপ্টেম্বৰত নাগা ট্ৰাইব কাউন্সিলে তথ্য জনা অধিকাৰ আইনৰ এক আবেদনৰ জৰিয়তে এই দুৰ্নীতি পোহৰলৈ আনে । ইয়াৰ পিছত এন টি চিয়ে ১৯৮৮।চনৰ দুৰ্নীতিৰ প্ৰতিৰোধী আইনৰ অধীনত নিৰ্মাণ কেলংকাৰীত জড়িতসকলৰ বিৰুদ্ধে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰে ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে বিষয়টো শুনানি লৈ অধিক তথ্যৰ বাবে চি বি আইলৈ প্ৰেৰণ কৰাত সম্প্ৰতি চিবিআইৰ তদন্তত এই বৃহৎ দুৰ্নীতি পোহৰলৈ আহে । আনহাতে চি বি আইৰ মতে এই কেলেংকাৰী সৈতে ৰাজনৈতিক নেতাৰো নাম সাঙোৰ খাই পৰা সম্ভাৱনা আছে । সম্প্ৰতি এই কেলেংকাৰীয়ে নাগালেণ্ডৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া আৰু জোকাৰণি সৃষ্টি কৰিছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি