শেহতীয়া খবৰ
চামগুৰি বিলত শ শ মাছৰ মৃত্যু, পৰিভ্ৰমী পক্ষীলৈও আহিছে চৰম ভাবুকি...  •  শ্লোগানতে সীমাবদ্ধ চৰকাৰৰ বিকাশ নীতি! লখিমপুৰ-বিশ্বনাথ জিলাৰ সীমান্তৱৰ্তী গাঁৱৰ জনতাৰ মান্ধাতা যুগীয়া জীৱন...  •  ৮ বছৰে সম্পূৰ্ণ নহ'ল ৰৌতা-ওদালগুৰি সংযোগী পথ...  •  পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO

বিজেপিৰ কাম কাজত অসন্তুুষ্টি, নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ দলত্যাগ

455

ডিজিটেল সংবাদ, ৱাখাঃ কেন্দ্ৰৰ বিজেপি চৰকাৰে নগা ৰাজনৈতিক সমস্যা সমাধানত গুৰুত্ব নিদিয়া আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ মতাৰ্দশৰ স‌ংঘাতৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে এল ছি ছিয়ে বিজেপি দলৰ পৰা পদত্যাগ কৰিছে।

দলৰ সভাপতি টমজেন ইমনা আলং লংকুমাৰলৈ প্ৰেৰণ কৰা নিজৰ পদত্যাগ পত্ৰত ছি ছিয়ে উল্লেখ কৰে যে কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে নাগালেণ্ডৰ উন্নয়নত পিঠি দিয়া, নগা ৰাজনৈতিক সমস্যাৰ সমাধানত বিলম্ব কৰা আৰু নিবনুৱা সমস্যা সমাধানত কোনোধৰণৰ উল্লেখনীয় পদক্ষেপ গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত তেওঁ এনেদৰে বিজেপি দলৰ পৰা পদত্যাগ কৰিছে।

উল্লেখযোগ্য আজি কিছু দিনৰ পৰা এবছৰ সম্পূৰ্ণ হোৱা নাগালেণ্ডৰ নেইফিঅ ৰিঅৰ পি ডি এ চৰকাৰৰ প্ৰতি ৰাইজৰ ক্ষোভ বৃদ্ধি পাইছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি