শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

নাগালেণ্ডৰ বন আৰু পৰিবেশ মন্ত্ৰী চি এম চাঙৰ আকস্মিক মৃত্যু…

198

ডিজিটেল সংবাদ,ৱাখা : নাগালেণ্ডৰ নেইফিউ ৰিঅৰ চৰকাৰৰ বন আৰু পৰিবেশ তথা আইন মন্ত্ৰী চি এম চাঙৰ সোমবাৰে বিয়লি ক’হিমাত আকস্মিক ভাৱে দেহাৱসান ঘটে । মৃত্যুৰ সময়ত মন্ত্ৰী চাঙৰ বয়স হৈছিল ৭৮ বছৰ । উল্লেখ্য যে চি এম চাঙ কিছুদিন পৰা অসুস্থ হৈ থকাৰ বাবে ক’হিমাৰ নাগা হাস্পাতলত চিকিৎসাধীন হৈ আছিল কিন্তু সোমবাৰে বিয়লি হঠাৎ মৃত্যু হয় ।

মন্ত্ৰী চি এম চাঙৰ জন্ম হৈছিল ১৯৪২ চন নাগালেণ্ডৰ টুৱেনচাঙ জিলাৰ নকচেঙ গাঁৱত । ২০০২ চনত ভাৰতীয় অসামৰিক সেৱা বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰা চাঙে এন পি এফ আৰু পৰৱৰ্তী সময়ত এন ডি পি পি দলৰ বিধায়ক নিৰ্বাচিত হৈ বৰ্তমান নেইফিউ ৰিঅৰ চৰকাৰৰ বন আৰু পৰিবেশ তথা আইন মন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল । মন্ত্ৰী চি এম চাঙৰ মৃত্যুত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ আৰু ৰাজ্যপাল আৰ এন ৰবিয়ে শোক প্ৰকাশ কৰিছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি