শেহতীয়া খবৰ
অট্টালিকাৰ তৃতীয় মহলাত অগ্নিকাণ্ড...  •  দুৰ্নীতি নহয়, এইবাৰ গাঁঠিৰ ধন খৰছ কৰি গোৱালাপাৰত পথ মেৰামতি কৰিলে বিষয়া-ঠিকাদাৰে  •  ৰেডক্ৰছ ছ’চাইটি ঢকুৱাখনাৰ নতুন সমিতি গঠনৰ বাবে সভা আহ্বান  •  সোমবাৰে শিলচৰত ভাৰত-বাংলাদেশৰ উপায়ুক্ত পৰ্যায়ৰ বৈঠক  •  অন্ধবিশ্বাস! ৪ জনক হত্যা দুস্কৃতিকাৰী দলৰ...  •  কুকাৰপাৰত বানসাহায্য হৰলুকিৰ অভিযোগক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ, VIDEO  •  ১২৮ কোটি টকাৰ বিদ্যুতৰ বিল! মূৰে কপালে হাত দিছে এজন বৃদ্ধই...  •  দেওবাৰে দুপৰীয়া ২.৩০ বজাত সম্পন্ন হ’ব শীলা দীক্ষিতৰ অন্ত্যোষ্টিক্ৰিয়া...  •  সোনভদ্ৰা কাণ্ডক লৈ বিজেপিৰ বিৰুদ্ধে সৰৱ মমতা বেনাৰ্জী, প্ৰিয়ংকাৰ পক্ষত দিলে থিয়...  •  আৰু এটা সোণ, পদক জয়েৰে অভিলেখ হিমাৰ

নগালেণ্ডত ভয়াৱহ বানঃ ২০হাজাৰ কোটি টকাৰ সা-সম্পত্তি নষ্ট, ১১জনৰ প্ৰাণহানি

1,620

ডিজিটেল সংবাদ, ডিমাপুৰঃ যোৱা প্ৰায় ডেৰমাহ ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত চুবুৰীয়া ৰাজ্য নগালেণ্ডত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। বান আৰু গৰাখহনীয়াৰ ফলত ৯০ শতাংশ জনসাধাৰণ ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যখনত। জুলাইৰ শেষ সপ্তাহৰ পৰা আগষ্টলৈকে প্ৰায় ডেৰমাহ কাল হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ ৯০ শতাংশ লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে নগালেণ্ডৰ ৪৮,৪২১টা পৰিয়াল আৰু ৫৩২খন গাঁও বানৰ কৱলত পৰিছে।

কেৱল এয়াই নহয়, নগালেণ্ডৰ বহু বাট-পথ ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ বাবে যোগাযোগ ব্যৱস্থাও ব্যাহত হৈ পৰিছে। এই বানত ক্ষতি হৈছে ২০হাজাৰ কোটিৰো অধিক সা-সম্পত্তি। ৰাজ্য চৰকাৰে কেন্দ্ৰক বান আৰু ভূমিস্খলনৰ সৈতে মোকাবিলা কৰিবলৈ ৮০০কোটি টকাৰ এককালীন বান সাহায্যৰ দাবী জনাইছে যদিও, এক টকাও দিয়া নাই কেন্দ্ৰই।

বানত ক্ষতিগ্ৰস্ত হোৱা নগালেণ্ডৰ জিলা কেইখনৰ ভিতৰত মন, টিউছাং, কিফিৰে আৰু ফেক। এই জিলা কেইখন ৰাজধানী চহৰ কোহিমাৰ সৈতে ইতিমধ্যে বিচ্ছিন্ন হৈ পৰিছে। নগালেণ্ডৰ এন এছ ডি এম এয়ে প্ৰতিবেদন অনুসৰি কেইবাটাও ৰাষ্ট্ৰীয় পথ ভূমিস্খলনৰ বাবে খহি যোৱাত দীৰ্ঘদিন ধৰি সেই পথেৰে যান-বাহন চলাচল কৰিব পৰা নাই। যাৰবাবে অভাৱনীয় হাৰত সেই অঞ্চলসমূহত খাদ্য সামগ্ৰীৰ অনাটনে দেখা দিছে আৰু ভাবিব নোৱাৰা ধৰণে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে।

উল্লেখযোগ্য যে, ২৬ জুলাইৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ বাবেই দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী নীপকোৱে এৰিবলগীয়া হৈছিল। যাৰফলত গোলাঘাটৰ উপকণ্ঠ অঞ্চলত জলপ্ৰলয়ৰো সৃষ্টি হৈছিল। এই বানত বাট-পথৰ লগতে কৃষিভূমিও ক্ষতি হৈছে। ইতিমধ্যে ৩হাজাৰ পৰিয়াল গৃহহাৰা হৈছে আৰু তেওঁলোকক আশ্ৰয় শিবিৰত আশ্ৰয় দিয়া হৈছে। অত্যাধিক বৰষুণৰ বাবে হোৱা ভূমিস্খলন আৰু বানত নগালেণ্ডত এই মুহূৰ্তলৈকে ১১জন লোকে প্ৰাণ হেৰুৱাইছে।

কিন্তু ইয়াৰ পাছতো এই পাহাৰীয়া ৰাজ্যখনৰ বানপানীৰ প্ৰতি গুৰুত্ব দিয়া নাই কেন্দ্ৰই। লক্ষণীয় যে, পূৰ্বৰ বছৰবোৰৰ তুলনাত এই বছৰ নগালেণ্ডত অত্যাধিক বৃষ্টিপাত হৈছে। বৰষুণৰ বাবে হোৱা ভূমিস্খলনে খহাই নিয়া বাট-পথ নিৰ্মাণৰ বাবেও ৰাজ্যখনত যথেষ্ট পৰিমানৰ ধন প্ৰয়োজন হ’ব। সেইবোৰৰ প্ৰতি কোনো কাণসাৰ নাই কেন্দ্ৰ চৰকাৰৰ। বান আৰু ভূমিস্খলনত ৰাজ্যখনৰ কেইবাখনো দলং ক্ষতিগ্ৰস্ত হৈছে। এই মুহূৰ্তলৈকে ৫৫৭স্থানত ভূমিস্খলন হৈছে নগালেণ্ডত।

 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি