নাগালেণ্ডৰ কন্যাক জনগোষ্ঠীৰ বসন্ত উৎসৱ আওলিং…

নাগালেণ্ডৰ কন্যাক জনগোষ্ঠীৰ বসন্ত উৎসৱ আওলিং…

ডিজিটেল সংবাদ: নাগালেণ্ডৰ মন জিলাৰ কন্যাক জনগোষ্ঠীৰ বসন্ত উৎসৱ আওলিংৰ উপলক্ষে মঙলবাৰে মন চহৰত এক উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হয় ৷ উল্লেখ যে পূবৰ নগা জনগোষ্ঠীৰ কন্যাক জনগোষ্ঠীৰ লোকসকলে পালন কৰা এক কৃষিভিত্তিক উৎসৱ হৈছে আওলিং উৎসৱ।

বিশেষকৈ নাগালেণ্ডৰ মন জিলাৰ কন্যাক গোষ্ঠীৰ অধিবাসীসকলৰ ই এক প্ৰধান উৎসৱ।প্ৰতি বছৰে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত কন্যাক সকলে আওলিং উৎসৱ উদযাপন কৰে।ঝুম খেতি আৰম্ভ কৰাৰ প্ৰাকমুহুৰ্তত এই উৎসৱ কন্যাক জনগোষ্ঠীয় লোকসকলে পৰম্পৰাগতভাৱে উদযাপন কৰি আহিছে ৷

প্ৰতি বছৰ এইবোৰ নাগালেণ্ডৰ মন জিলাৰ কন্যাক সকলে বিভিন্ন কাৰ্যসূচীৰ মাজেৰে উদযাপন আওলিং উৎসৱ ৷ কন্যাক সকলে বিভিন্ন ৰং-বিৰঙৰ সাজ-পাৰ পৰিধান কৰি কন্যাক সকলৰ নিজস্ব নৃত্য-গীত প্ৰদৰ্শন কৰে।

প্ৰতিকূল বতৰ মাজতে নাগালেণ্ডৰ এই উৎসৱ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে চৰাইদেউ জিলাৰ সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ৷ বুধবাৰে এই উৎসৱৰ সামৰণি পৰিব ৷ সামৰণি দিনা নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে ভাগ ল'ব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in