নাগালেণ্ডত কোৰোনাৰ আক্ৰান্তৰ সংখ্যা ১৮ গৰাকীলৈ বৃদ্ধি, টুৱেঙচাঙ জিলাত ক’ভিড পৰীক্ষাগাৰৰ স্থাপনৰ দাবীত ছাঙ ছাত্র সন্থাৰ ধৰ্ণা…

নাগালেণ্ডত কোৰোনাৰ আক্ৰান্তৰ সংখ্যা ১৮ গৰাকীলৈ বৃদ্ধি, টুৱেঙচাঙ জিলাত ক’ভিড পৰীক্ষাগাৰৰ স্থাপনৰ দাবীত ছাঙ ছাত্র সন্থাৰ ধৰ্ণা…

ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ডত কোৰোনাই ভয়াবহ ৰূপ ধাৰণ কৰি আক্ৰান্তৰ সংখ্যা ১৮ গৰাকীলৈ বৃদ্ধি পাইছে । বৃহস্পতিবাৰে পুনৰ নাগালেণ্ডত চেন্নাইৰ পৰা উভতা ৯ গৰাকী কোভিড-১৯ ত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে । এক টুইট যোগেদি এই তথ্য সদৰী কৰিছে নাগালেণ্ডৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী পাংনিউ ফমে।

জানিব পৰামতে এই ৯ গৰাকী কোৰোনা ৰোগীৰ ভিতৰত ৬ জন ডিমাপুৰৰ আৰু ৩ গৰাকী টুৱেঙচাঙৰ । ক'হিমাৰ নাগা হাস্পতালত নতুনকৈ স্থাপন কৰা বি এছ এল -৩ লেবটৰীত এই কোৰোনাৰ নমুনা পৰীক্ষা কৰা হৈছিল । উল্লেখযোগ্য যে কোৰোনাৰ মুক্ত হৈ থকা নাগালেণ্ডত কালি কোভিডত আক্ৰান্ত হোৱা লোকসকল ৯ গৰাকীৰ পৰা বৰ্তমানলৈকে ১৮ গৰাকীলৈ বৃদ্ধি পালে ।

ইফালে নাগালেণ্ডলৈ বহিৰাজ্যত পৰা বিশেষ শ্ৰমিক ৰেলেৰে উভতি অহাৰ পিছত লোকক কোভিড পৰীক্ষা ফলাফল অহাৰ পূৰ্বে একাংশলোকক পোনে পোনে টুৱেঙচাঙলৈ কোৱাৰেইণ্টাইন বাবে পঠিয়াই দিয়া কাৰ্যত ছাঙ জনগোষ্ঠীৰ ছাত্ৰ সন্থাই তীব্ৰ অসন্তুষ্ট প্ৰকাশ কৰি বৃহস্পতিবাৰে ধৰ্ণা দিয়ে ।

দুপৰীয়া এই প্ৰতিবাদৰ মাজতে নাগালেণ্ডৰ স্বাস্থ্যমন্ত্ৰী পাংনিউ ফম টুৱেঙচাঙত উপস্থিত হৈ ছাত্রসকলৰ সৈতে আলোচনাত মিলিত হয় । বৈঠকত ছাঙ ছাত্র সন্থাই কোভিড পৰীক্ষাৰ বাবে টুৱেঙচাঙত স্থাপন কৰিবলৈ লোৱা বি এছ এল – ৩ পৰীক্ষাগাৰ শীঘ্ৰে স্থাপনৰ দাবী জনায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in